কাবুলক জল সৰবৰাহ কৰিব দিল্লীয়ে

5

কাবুলৰ জনসাধাৰণক জল সৰবৰাহ কৰিবৰ বাবে চুক্তিবদ্ধ হ’ল নতুন দিল্লী । ৰবীন্দ্ৰনাথক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতক ধন্যবাদ জনালে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰফ গনিয়ে । আজি ভিডিঅ’কনফাৰেন্সযুগে দ্বিপাক্ষিক শীৰ্ষ বৈঠকৰ পাছত কাবুল নদী অৱবাহিকাৰ শাহতুত বান্ধ নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হ’ল ভাৰত আৰু আফগানিস্তান ।

ছবছৰ ধৰি এই বান্ধ নিৰ্মাণৰ বাবে আলোচনা চলি আছিল । বিগত বৰ্ষত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ঘোষণা কৰিছিল ২০২১ত এই বিষয়ত চুক্তি স্বাক্ষৰ কৰা হ’ব । আজি আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে জনায় যে, তেওঁ ৰবীন্দ্ৰনাথৰ ‘কাবুলিৱালা’ গল্প পঢ়িয়ে ডাঙৰ হৈছে । তেওঁ কয়, ‘কাবুলিৱালাৰ তৰফৰ পৰা মই আপোনালোক সকলোকে ধন্যবাদ দিব বিচাৰোঁ । শাহতুত বান্ধৰ জৰিয়তে আমি পুনৰ প্ৰাকৃতিক সৌন্দৰ্য উভতাই আনিব পাৰিম । বাবৰৰ কল্পনা বাস্তৱায়িত হ’ব । জল আৰু প্ৰতিষেধক উপহাৰ হিচাপে প্ৰদান কৰাৰ বাবে ভাৰত তথা নৰেন্দ্ৰ মোদীক ধন্যবাদ ।’

ইফালে নাম নোলোৱাকৈয়ে পাকিস্তানক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু আফগানিস্তান উভয় দেশেই হিংসামুক্ত পৰিৱেশ বিচাৰে । আফগানিস্তানত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ বাবে আমি উদ্বিগ্ন হৈছো । আমি কাবুলৰ স’তে আছো । কাপুৰুষৰ দৰে আফগানিস্তানক লক্ষ্য কৰা হৈছে । সন্ত্ৰাসৰ স’তে যুঁজত আমি একজোঁট ।’

আফগানিস্তানক ‘শক্তিশালী কৌশলগত মিত্ৰ’ হিচাপে বৰ্ণনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, সম্প্ৰতি আফগানিস্তানত পাঁচ লাখ প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰপতি গনিয়ে কয়, ‘আমাক পাঁচ লাখ প্ৰতিষেধক প্ৰদান কৰাৰ যি সিদ্ধান্ত আপুনি গ্ৰহণ কৰিছে, বিপদৰ সময়ত তাতকৈ বেছি ভাল উপহাৰ আৰু একো হ’ব নোৱাৰে ।’

শাহতুত বান্ধৰ সন্দৰ্ভত পূৰ্বেই মাত মাতিছিল ইছলামাবাদে । কিন্তু বিষয়টোত নতুন দিল্লীয়ে কৈফিয়ত নিদিয়ে । কাবুল নদী উপত্যকাত এই বান্ধ নিৰ্মাণ হ’লে যে ইছলামাবাদ বাদ পৰি যাব সেই কথা জানিছিল ছাউথ ব্লকে । দক্ষিণ এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়াৰ ভূকৌশলগত পৰিস্থিতি বিবেচনা কৰিয়ে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাই বৈদেশিক মন্ত্ৰণালয়ে ।

এই সিদ্ধান্তৰ ফলত প্ৰথমতে, আফগানিস্তানৰ আছৰফ গনি চৰকাৰৰ স’তে সম্পৰ্ক অধিক শক্তিশালী কৰা সম্ভৱ হ’ব । কৌশলগত ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰভাৱ বিস্তাৰ হ’ব । দ্বিতীয়তে, দ’হাৰ তালিবানৰ স’তে গনি চৰকাৰৰ যি শান্তি আলোচনা চলিছে, তাতে হস্তক্ষেপ কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা চলাইছে পাকিস্তানে । সূত্ৰ অনুসৰি, প্ৰায় ছহেজাৰৰ অধিক সন্ত্ৰাসবাদী কাবুললৈ প্ৰেৰণ কৰি তালিবানৰ স’তে সংযোগ বঢ়োৱাৰ চেষ্টা ‌কৰিছে পাকিস্তান চৰকাৰে । জ’ বাইডেনে ৰাষ্ট্ৰপতি পদৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ নতুন কাবুল নীতিৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব বুলি মত প্ৰকাশ কৰে দিল্লীয়ে । সেয়ে পূৰ্বৰ পৰাই কাবুলত নিজৰ উন্নয়নকামী ব্যৱস্থাক আন্তৰ্জাতিক প্ৰচাৰত আনিব বিচাৰে মোদী চৰকাৰে ।

Exit mobile version