ক্ৰীপ্তকাৰেঞ্চী কি ?

পঢ়ক সবিশেষ

GettyImages 930264196

ক্ৰীপ্তকাৰেঞ্চী হৈছে এক প্ৰকাৰৰ ডিজিটেল মুদ্ৰা, যাৰ কোনো বাস্তৱ অস্তিত্ব নাই । ইয়াক স্পৰ্শ কৰিব নোৱাৰি । ভাৰ্চুৱেল জগততে ইয়াৰ অস্তিত্ব । ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰি এই মুদ্ৰা নিৰ্মাণ কৰা হয় । কোনো বেংক বা সংস্থাৰ নিয়ন্ত্ৰণ নাই এই মুদ্ৰাৰ ওপৰত । সমগ্ৰ বিশ্বত উপলব্ধ কম্পিউটাৰৰ মাধ্যমত ইয়াৰ লেনদেন চলে ।

বিটকইন প্ৰথম ক্ৰীপ্তকাৰেঞ্চী । ছত’শ্বি নাকাম’ট’ নামে জাপানৰ এজন ব্যক্তিয়ে ২০০৯ত প্ৰথম বিটকইন প্ৰস্তুত কৰে । বাণিজ্যিকভাৱে এই বিটকইনৰ প্ৰথম লেনদেন হয় ২০১০ত । ছত’শ্বিয়ে বিটকইনৰ জৰিয়তে এটা পিজ্জা ক্ৰয় কৰিছিল ।

ছফ্টৱেৰ ক’ডিঙৰ দক্ষতা থাকিলে ক্ৰীপ্তকাৰেঞ্চী মাইনিং কৰা সম্ভৱ হয় । কিন্তু সাধাৰণ লোকৰ বাবে ই অতি কঠিন । অন্য উপায় হ’ল, ক্ৰীপ্তকাৰেঞ্চী লেনদেনকাৰী কোনো এপ্ ডাউনল’ড কৰি নিজৰ বেংক একাউণ্টৰ স’তে সংযোগ কৰি বিটকইনসহ যাবতীয় ক্ৰীপ্তকাৰেঞ্চী কিনা-বেচা কৰা ।

সম্প্ৰতি ভাৰততো বিটকইনক অনুমোদন দিয়া হৈছে । বিগত বৰ্ষৰ মাৰ্চত উচ্চতম ন্যায়ালয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ক্ৰীপ্তকাৰেঞ্চী লেনদেন নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছতে ভাৰতত বিটকইনসহ অন্যান্য ক্ৰীপ্তকাৰেঞ্চী ক্ৰয় কৰা সম্ভৱ হৈ উঠিছে ।

Exit mobile version