চিৰাঙত বন বিভাগৰ অভিযানত ভাৰত-ভূটান সীমান্তৰ পৰা মাৰনাস্ত্ৰসহ তিনিজন চিকাৰী গ্ৰেপ্তাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত নিশা বন বিভাগ আৰু এচ এচ বিৰ যৌথ অভিযান। মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ আমটেকা বনাঞ্চলত দাঁতিকাশৰীয়া ভাৰত-ভূটান সীমান্তৰ মালিভিটাৰ উত্তৰে জালুকবাৰীৰ পৰা গোপন তথ‍্যৰ ভিত্তিত চলোৱা অভিযানত নিশা দুই বজাত মাৰনাস্ত্ৰসহ তিনিজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ চিকাৰী তিনিজন ক্ৰমে জালুকবাৰী গাঁৱৰে মনিশ্বাৰ বসুমতাৰী(৩০),  ফৈলাও বসুমতাৰী(২৬) আৰু খঞ্জিত গয়াৰী(৩৫) । তিনিজন চিকাৰীয়ে বন গাহৰি আৰু হৰিণা চিকাৰ কৰি ৩৫০ টকা দৰত মাংশ বিক্ৰী কৰা বুলি স্বিকাৰ কৰে।

চিৰাং বন সংমণ্ডল বিষয়া (ডিএফঅ) ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে তিনিওটা মাৰনাস্ত্ৰ বহু শক্তিশালী । যদিও চিকাৰী তিনিজনে হৰিণা আৰু বন গাহৰি চিকাৰৰ কথা স্বীকাৰ কৰিছে এই বন্দুকেৰে হাতীও মাৰিব পৰা যাব। গতিকে সকলো বিষয় তদন্ত কৰি থকা হৈছে বুলি জনায় বিষয়াজনে । তেওঁলোকৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা লোৱাৰ কথাও জনায় বন বিষয়া জনে।

Exit mobile version