বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ

WhatsApp Image 2021 02 10 at 8.53.35 PM

সদ্য প্ৰাদেশীকৰণ হোৱা ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত কেআইকে মেম’ৰিয়াল এমই মাদ্ৰাছৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠা এৰি আজি ১৭৮৬ নং পূৱ কলগাছিয়া প্ৰাথমিক বিদ্যালয় চৌহদত ধৰ্ণা দিয়া দেখা যায়। বিদ্যালয় একত্ৰীকৰণৰ নিয়ম অনুসৰি কেআইকে মেম’ৰিয়াল এমই মাদ্ৰাছাখন পূৱ কলগাছিয়া প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হয়। একত্ৰীকৰণ কৰাৰ ফলত আজি কেআইকে মেম’ৰিয়াল এমই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল উক্ত প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়।

১৭৮৬ নং পূৱ প্ৰাথমিক বিদ্যালয়ত প্ৰৰ্য্যাপ্ত শ্ৰেণী কোঠা নথকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল বাহিৰত থাকিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ পতিবাদত বিদ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই ক্ষেত্ৰত জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে অসম চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ কৰা হঠকাৰী সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰাৰ আহ্বান জনাইছে।

চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে। শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাক পাঠ দানৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পূৱ কলগাছিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে কেআইকে মেম’ৰিয়াল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে‌ ।

Exit mobile version