মানাহৰ কাষৰীয়া লাৱদাংগুৰিত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজহুৱা সভা

WhatsApp Image 2021 02 10 at 8.51.06 PM

হস্তী মানুহৰ সংঘাতে বাগসাৰ ভিন্ন প্ৰান্তত তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই সমস্যা সমাধানৰ অৰ্থে কালি এখন ৰাজহুৱা সভাৰ আয়োজন কৰে বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীৰ ৰাইজে ৷ খাৰিজা বিজনী মৌজাৰ লাৱদাংগুৰি উপ আৰক্ষী চকীৰ নাগৰিক কমিটিৰ উদ্যোগত তথা বানাসিং গয়াৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কে’বাগৰাকীও বন বিষয়াৰ লগতে বহুসংখ্যক স্থানীয় লোক৷ হাতী মানুহৰ সংঘাত কেনেকৈ ৰোধ কৰিব পাৰি সেই সম্পৰ্কে বন বিষয়াৰে আলোচনাত মিলিত হয় স্থানীয় ৰাইজ ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে শালবাৰীৰ বাৰাপেটা গাঁৱৰ এজন লোকৰ বন্যহস্তীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছিল অঞ্চলটোৰ লোকসকল৷ তাৰ পাছতে উক্ত সমস্যা সমাধানৰ অৰ্থে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মক বিভিন্ন প্ৰস্তাৱ সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল গাঁওবাসীয়ে ৷

ৰাজহুৱা সভাখনত প্ৰাক্তন বন বিষয়া ধৰণীধৰ বড়ো, মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম, সমাজকৰ্মী নীলাম্বৰ নাথ, ৰাজেন দাস আদি উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷

Exit mobile version