অভিনেত্ৰী প্ৰিয়ংকাৰ শৈশৱৰ প্ৰেমৰ কাহিনী পঢ়ি আমেজ ল’লে স্বামী নিকে

5c21281401c0ea04d5663ad4

এতিয়া বহু চৰ্চিত হৈছে প্ৰিয়ংকা চ’প্ৰাৰ আত্মজীৱনীৰ কথা ।এইবাৰ স্বামী নিক জোনাছে মুকলি কৰিলে এই কথা। তেওঁ কয়,”বৰ্তমানৰ পত্নীৰ এক্স-প্ৰেমীসকলৰ কাহিনী পঢ়িবলৈ আমোদজনক।”এতিয়া সকলোতে উপলব্ধ প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিশড’ কিতাপখন মুক্তিৰ পিছতে এতিয়া বিভিন্ন স্থানত দেখা যায় অভিনেতাগৰাকীক।

নিজৰ কিতাপৰ কথাক আলোচনা কৰিবলৈ আড্ডাত যোগ দিছে প্ৰিয়ংকাই।অনলাইনত এখন ‘বুক ট্যুৰ’ আৰম্ভ কৰিছে প্ৰিয়ংকাই । ভাৰতৰ পৰা আমেৰিকালৈ চলিছে প্ৰিয়ংকাৰ ট্যুৰ।ইয়াকে লৈ এতিয়া বিভিন্ন আলোচনা চলিছে।অভিনেত্ৰী-লেখক প্ৰিয়ংকাই জানে কোনে কিতাপখন ভাল পাইছে নাই পোৱা।

কিন্তু এই বিষয়ত আটাইতকৈ বেলেগ মন্তব্যটো আহিছে বিশেষ মানুহজনৰ পৰা।অভিনেত্ৰীগৰাকীয়ে নিজেই টুইটাৰত সকলোৰে স’তে সেই বিয়টোৰ ওপৰত এটা টুইট কৰে । এটা চমু ভিডিঅ’ত নিকক এইদৰে কোৱা শুনা যায় যে তেওঁৰ পত্নীৰ ‘স্কুল জীৱনৰ প্ৰেম’ পঢ়ি অতি সুখী নিক।

নিকক কোৱা শুনা গ’ল, “শিশু হিচাপে আপোনাৰ প্ৰাৰম্ভিক প্ৰেম, প্ৰেমৰ বিষয়ে বহুত ভাল লাভ কথা আছিল, কিন্তু সেই কিতাপবোৰত সেইবোৰ পঢ়াটো অতি আমোদজনক আছিল। প্ৰিয়ংকাই সেই কথা শুনি যি লাজত ৰঙা হৈ পৰে আৰু নিজৰ দুয়োখন হাত ঢাকি হাঁহি থকা দেখা গ’ল।

Exit mobile version