ভাৰত-ইংলেণ্ড ছিৰিজৰ নাম তেণ্ডুলকাৰ-কুক ট্ৰফী কৰাৰ দাবী মণ্টি পানেছাৰৰ

ভাৰত বনাম ইংলেণ্ড ছিৰিজৰ নতুন নামকৰণ কৰিব বিচাৰিছে ইংলেণ্ডৰ প্ৰাক্তন স্পিনাৰ মণ্টি পানেছাৰে । পানেছাৰৰ অনুসৰি ভাৰতৰ সৰ্বাধিক টেষ্ট ৰাণ কৰা খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ হৈছে অলেষ্টেৰ কুক । সেয়ে ছিৰিজৰ নাম তেণ্ডুলকাৰ-কুক ট্ৰফী হিচাপে নামকৰণ কৰিব বিচাৰে তেওঁ ।

বুধবাৰে ভাৰতীয় ব’ৰ্ডক টুইট কৰি এই দাবী জনায় পানেছাৰে । টুইটত লিখে, ইংলেণ্ড বনাম ভাৰত টেষ্টৰ নাম তেণ্ডুলকাৰ-কুক ট্ৰফী ৰখা হওক । নিজৰ দেশৰ হৈ আটাইতকৈ বেছি উইকেট তেওঁলোকৰেই দখলত । আমি জানো শচীন এজন কিংবদন্তি, কিন্তু তেওঁৰ নামত এটাও ট্ৰফী নাই । কিছুসংখ্যক নেতাই দুই দলৰ ছিৰিজৰ নাম ভজ্জি-পানেছাৰ ৰাখিব বিচাৰে । এই সন্দৰ্ভত ইংলেণ্ডৰ স্পিনাৰে লিখে, ‘হৰভজন-পানেছাৰ ট্ৰফী নাম ৰখা হ’ল হয়, যদি আমি তিনিশৰ অধিক উইকেট লাভ কৰিলো হয় ।’

একাংশ নেতাই পানেছাৰৰ স’তে একমত নহয় যদিও তেওঁলোকে কয় যে ইয়ান ব’থাম আৰু কপিল দেৱৰ নামেৰে নামাকৰণ কৰিব পাৰি ছিৰিজৰ । কাৰণ শচীনৰ স’তে কুকুক সম আসনত বহোৱা সম্ভৱ নহয়, সেয়ে ব’থাম-কপিল নামটোৱে সঠিক ।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ খেলপথাৰত অনুষ্ঠিত টেষ্ট ছিৰিজৰ নাম এণ্ট’নি ডি মেল’ ট্ৰফী । তেওঁ ভাৰতীয় ব’ৰ্ডৰ অন্যতম প্ৰতিষ্ঠাপক আছিল । ইংলেণ্ডৰ খেলপথাৰত এই দুই দলৰ যি টেষ্ট ছিৰিজ আয়োজন কৰা হৈছিল তাৰ নাম আছিল পটৌডি ট্ৰফী ।

Exit mobile version