টুইটাৰক প্ৰত্যাহ্বান ভাৰতীয় এপ ‘কু’ৰ ১০ লাখ ডাউনল’ড

Koo app 1778cad893a medium

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অধিক আত্মনিৰ্ভৰ হােৱাৰ লক্ষ্যত আৰু এখােজ আগুৱালে ভাৰতে। বিশ্বজুৰি জনপ্রিয় মাইক্র’ ব্লগিং ছাইট টুইটাৰৰ দেশীয় বিকল্প হিচাপে আত্মপ্রকাশ কৰা কু’এ অতি কম সময়ৰ ভিতৰতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ উষ্ম সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ল।

উল্লেখ্য যে ১০ মাহ পূর্বে ২০২০ত বাংগালুৰুৰ অপ্রমেয়া ৰাধাকৃষ্ণণাই ‘কু’ এ প্রস্তুত কৰিছিল। টুইটাৰৰ দেশীয় বিকল্প হিচাপে তৈয়াৰ কৰা এই ভাৰতীয় এটো দেশবাসীৰ মাজত যথেষ্ট জনপ্রিয় হৈছে। ইতিমধ্যে গুগল প্লে ষ্ট’ৰৰ জৰিয়তে ‘কু’ এপ্ৰ এক নিযুত অর্থাৎ ১০ লাখ ডাউনলােড হৈছে।

এই স্বদেশী এপ ইতিমধ্যে দেশৰ কে’বাজনাে আগশাৰীৰ ৰাজনীতিক,অভিনেতা-অভিনেত্রী, খেলুৱৈ আদিয়ে ব্যৱহাৰ কৰিবলৈ লৈছে। কেন্দ্রীয় ৰেল মন্ত্রী পীযুষ গােৱেলে অলপতে টুইট কৰি কৈছিল যে তেওঁ ইতিমধ্যে দেশীয় মাইক্র’ ব্লগিং প্লেটফর্ম ‘কুত যােগদান কৰিছে। অভিনেত্রী কংগনা ৰণৌটেও টুইটাৰ ত্যাগ কৰি এতিয়াৰে পৰা কু’ ব্যৱহাৰ কৰিব বুলি ঘােষণা কৰিছে।

কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদ, কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পা, নিটি আয়ােগ আদিয়েও ‘কু’ত নিজৰ একাউন্ট খুলিছে। এনড্রইড আৰু আই অ’ এছ উভয় প্রযুক্তিৰ ম’বাইলত কু’ ডাউনলােড কৰিব পাৰি। গুগলৰ লগতে এপেল এপ ষ্ট’ৰতাে এই স্বদেশী এপ উপলব্ধ হৈছে। টুইটাৰত থকা প্ৰায়বােৰ সা-সুবিধা কু’ এপ্ত উপলব্ধ। ইংৰাজীৰ লগতে কন্নড়, তামিল, তেলেগু আদি ভাৰতীয় ভাষাতত কু’ ব্যৱহাৰ কৰিব পাৰিব। কু’ৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল একাউন্ট ধাৰকে ইয়াত ৪০০ লৈকে আখৰ লিখিব পাৰিব।

Exit mobile version