চৰকাৰৰ হেঁচাত হ’ল বাধ্য, ৯৭ শতাংশ আপত্তিক একাউন্ট ব্লক কৰিলে টুইটাৰে

113048713 gettyimages 1128061406

টুইটাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিত মাইক্র’ ব্লগিং প্রতিষ্ঠানটোৱে অৱশেষত আপত্তিকৰ টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বাধ্য হ’ল। কেন্দ্রীয় চৰকাৰে দেশ বিৰােধী তথ্য প্রচাৰ কৰা মুঠ ১৪৩৫ খালিস্তান আৰু পাকিস্তান সমর্থকৰ টুইটাৰ হেণ্ডেল বন্ধ কৰিবলৈ প্রতিষ্ঠানটোক দাবী জনাইছিল।

কিন্তু টুইটাৰে প্রথমে ভাৰত চৰকাৰৰ এনে নির্দেশনা মানিবলৈ আগ্রহ প্রকাশ কৰা নাছিল। কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে স্পষ্টভাৱে কৈছিল যে ভাৰতত ব্যৱসায় কৰিবলৈ হ’লে টুইটাৰে দেশৰ আইন মানি চলিব লাগিব।  মাইক্র’ ব্লগিং প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে, কেন্দ্রীয় চৰকাৰে যি ১৪৩৫টা একাউন্ট বন্ধ কৰিবলৈ দাবী জনাইছিল, ইয়াৰে ১৩৯৮টা একাউন্ট ইতিমধ্যে বন্ধ কৰা হৈছে। অর্থাৎ টুইটাৰে চৰকাৰৰ দাবী পালন কৰি ৯৭ শতাংশ আপত্তিজনক টুইটাৰ হেণ্ডেলৰ বিৰুদ্ধে ব্যৱস্থা ল’লে।

Exit mobile version