ভুৱা-প্রবােচনামূলক বার্তা ৰােধৰ বাবে প্রয়ােজনীয় ব্যৱস্থা ল’বলৈ টুইটাৰক ক’লে উচ্চতম ন্যায়ালয়ে

facebook 1583909557

উচ্চতম ন্যায়ালয়ে টুইটাৰ-ফে’চবুকত ভুৱা বাতৰি আৰু উচটনি যােগােৱা বাৰ্তাৰ আদান-প্রদান বন্ধ কৰিবলৈ জনােৱা এক আবেদনৰ আজি শুনানি গ্রহণ কৰে আদালতে এই গােচৰত আজি কেন্দ্রীয় চৰকাৰ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈ জাননী জাৰি কৰে।

টুইটাৰফেচবুকলৈ জাননী প্ৰেৰণ কৰি সর্বোচ্চ ন্যায়ালয়ে ভুৱা আৰু প্ৰৰােচনামূলক বা-বাতৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰত বাধাদানৰ বাবে উপযুক্ত ব্যৱস্থা উদ্ভাৱন কৰিবলৈ পৰামর্শ দিয়ে। তদুপৰি সামাজিক মাধ্যমত থকা ভুৱা একাউন্টসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈকো ন্যায়ালয়ে টুইটাৰফেচবুকক নির্দেশ দিয়ে।প্রস্তাৱিত ছু’চিয়েল মিডিয়া ৰেগুলেচনত এই সন্দৰ্ভত নিয়ম-নীতি অন্তর্ভুক্ত কৰিবলৈকো কেন্দ্রীয় চৰকাৰক জাননীযােগে ন্যায়ালয়ে নির্দেশনা দিয়ে।

Exit mobile version