আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা

অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত সকলো বিধানসভা সমষ্টিতে মণ্ডল ভিত্তিত বুথ কৰ্মী সন্মিলন অনুষ্ঠিত কৰাৰ লগতে ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান্য সমষ্টিসমূহত জাতীয় ঐক্য সমাৰোহ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত দলৰ সকলো পৰ্য্যায়ৰ সদস্যকে নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আৰু সক্ৰিয়তাৰে দলীয় সাংগঠনিক কাৰ্য্যসূচীৰ স’তে জড়িত হ’বলৈ আহ্বান জনায়। সভাত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইস্তাহাৰ সমিতি, প্ৰচাৰ সমিতি, সামাজিক মাধ্যম সমিতি, কৰ্মসূচী ৰূপায়ণ সমিতি, আইন কোষ আদি গঠন কৰে।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সভাই দলৰ সভাপতি অতুল বৰাক কতৃত্ব প্ৰদান কৰে।
ছাত্ৰ-যুৱ-মহিলা পৰিষদকে ধৰি সকলো ভাতৃ-ভগ্নী সংগঠনক ক্ষীপ্ৰতাৰে নিজৰ নিজৰ সাংগঠনিক কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

সভাত দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰী, প্ৰাক্তন সভাপতি বৃন্দাৱন গোস্বামী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য প্ৰমুখ্যে জ্যেষ্ঠ নেতা উপস্থিত থাকে।

সভাপতি বৰাই সৰ্বশক্তিৰে নিৰ্বাচন যুঁজত অৱতীৰ্ণ হ’বলৈ দলীয় সদস্যসকলক আহ্বান জনোৱাৰ লগতে এখন শক্তিশালী চৰকাৰ গঠনত দলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি দৃঢ়তাৰে মত পোষণ কৰে। দলৰ প্ৰতি ৰাজ্যখনৰ জনসাধাৰণৰ আকুন্ঠ সঁহাৰিয়ে অসম গণ পৰিষদ দলক আগবাঢ়ি যোৱাত ব্যাপক সহায় কৰিব বুলি মত পোষণ কৰি ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কাষত থিয় হৈ দলটো আগবঢ়াই নিয়াত গুৰুত্ব দিয়ে ।

Exit mobile version