গৃহত থাকিলেও মৃত্যু হ’ল হয় ! আন্দোলনত প্ৰাণ হেৰুৱা কৃষকসকলক লৈ বিতৰ্কিত মন্তব্য বিজেপি মন্ত্ৰীৰ

80357658

হাৰিয়ানাৰ কৃষিমন্ত্ৰী জেপি দালালে কৃষক আন্দোলনত প্ৰচণ্ড শীতৰ ফলত মৃত্যু হোৱা আৰু আত্মহত্যা কৰা কৃষকসকলৰ সম্পৰ্কে অসংবেদনশীল মন্তব্য কৰে । তেওঁৰ যুক্তি, ‘গৃহত থাকিলেও মৃত্যু হ’ল হয় সেই কৃষকসকলৰ !’

শনিবাৰে হাৰিয়ানাৰ ভিৱানিত দলীয় সমৰ্থকসকলৰ স’তে সংবাদ মাধ্যমৰ সন্মুখীন হয় কৃষিমন্ত্ৰী দালাল । আন্দোলন চলাকালীন মৃত্যু হোৱা কৃষকসকলৰ সন্দৰ্ভত তেওঁৰ অনুভূতি জানিব বিচাৰিছিল এজন সাংবাদিকে । তেওঁ কয়, ‘গৃহতো মৃত্যু হ’ল হয় তেওঁলোকৰ । ইয়াতে কি মানুহ মৰা নাই ? দুই লাখ লোকৰ ভিতৰত ছমাহত দুশ জনৰ মৃত্যু কি অস্বাভাৱিক ?

কৃষিমন্ত্ৰী দালালৰ সাক্ষাৎকাৰৰ সেই ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত সেই সময়ত উপস্থিত কোনো লোককে দালালৰ মন্তব্যৰ বিৰোধিতা কৰা পৰিলক্ষিত নহয় । বৰঞ্চ তেওঁৰ এই মন্তব্যৰ পাছত হাঁহিৰ খলকনি শুনিবলৈ পোৱা যায় । দালালে নিজেও হাঁহিবলৈ লয় । দালালে লগতে কয়, ‘কোনো লোকৰটো আৰু দুৰ্ঘটনাত মৃত্যু হোৱা নাই । স্বইচ্ছাই মৰিছে । ভাৰতত নাগৰিকৰ গড় আয়ুস কিমান আৰু বছৰে কিমানজনৰ মৃত্যু হয় জানে ? মৃতকসকলৰ প্ৰতি সমবেদনা থাকিল । সমবেদনা থাকিল দেশৰ ১৩৫ কোটি জনতাৰ বাবে ।’

কৃষিমন্ত্ৰী দালালৰ এই মন্তব্যৰ পাছত বিতৰ্কৰ সৃষ্টি হ’বলৈ বেছি সময় নালাগিল । ক্ষমা বিচাৰি নিজৰ মন্তব্যৰ বিৱৰণী দি তেওঁ কয়, ‘মোৰ কথাত কোনো আহত হৈ থাকিলে মই ক্ষমাপ্ৰাৰ্থী । মৃত্যু সঁচাকৈয়ে অত্যন্ত বেদনাদায়ক । অনাগত দিনতো কৃষকসকলৰ হকে কাম কৰি যাম আমি ।’

কিন্তু এই বিৱৰণীৰ পাছতো বিতৰ্কৰ অন্ত নপৰে । বৰঞ্চ দালালৰ বিৰুদ্ধে আক্ৰমণ অধিক তীব্ৰতৰ কৰে বিৰোধী ৰাজনৈতিক নেতাসকলে । কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সুৰজেৱালাই কয়, ‘এজন অসংবেদনশীল মনুষ্যই অন্নদাতাসকলক লৈ এনে মন্তব্য কৰিব পাৰে ।’

হাৰিয়ানাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি কুমাৰী শৈলজাই কয়, ‘কৃষকসকলৰ আত্মবলিদানক লৈ কৃষিমন্ত্ৰীৰ মন্তব্য আৰু তাৰ প্ৰেক্ষিতত যি প্ৰক্ৰিয়া আৰু হাঁহিৰ খলক শুনা গ’ল, সেয়া অত্যন্ত দুখজনক ।’

পঞ্জাৱৰ কংগ্ৰেছ নেতা ৰাজকুমাৰে হাৰিয়ানা মন্ত্ৰীসভাৰ পৰা দালালক বহিষ্কাৰৰ দাবী জনায় । কিন্তু বিজেপিৰ ফালৰ পৰা সম্প্ৰতি কোনো প্ৰতিক্ৰিয়া পোৱা নাই ।

Exit mobile version