কৰ’নাৰ ফলত পাকিস্তানৰ লাহৌৰ চিৰিয়াখানাত মাত্ৰ ১১ সপ্তাহ বয়সৰ দুটা বাঘৰ পোৱালিৰ মৃত্যু হয় । সম্প্ৰতি চিৰিয়াখানাৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰে । বাঘ পোৱালি দুটাৰ মৃত্যু হয় ৩০ জানুৱাৰীত । প্ৰথমে পেনলেউক’পেনিয়া ভাইৰাছৰ ফলত পোৱালি দুটিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল কিন্তু মৰণোত্তৰ পৰীক্ষণৰ পাছত ধৰা পৰে যে কৰ’না ভাইৰাছৰ ফলত বাঘ পোৱালি দুটিৰ মৃত্যু হৈছে ।
লাহৌৰ চিৰিয়াখানাৰ উপায়ুক্ত সঞ্চালক কিৰণ ছালেমে সংবাদ সংস্থাক জনায় যে, নতুনকৈ পিচিআৰ পৰীক্ষণ কৰা হোৱা নাই । কিন্তু বাঘ পোৱালি দুটিৰ মৃত্যুৰ কাৰণ কৰ’না । ইতিমধ্যে পাকিস্তানত কৰ’নাত আক্ৰান্ত হৈ ১২ হেজাৰ ২৫৬ জন লোকৰ মৃত্যু হৈছে ।
ছালেমে কয়, বাঘ পোৱালি দুটিৰ মৃত্যুৰ পাছত চিৰিয়াখানাৰ সকলো কৰ্মী আৰু অধিকাৰীসকলৰ কৰ’না পৰীক্ষা কৰা হয় । ইয়াৰ ভিতৰত ছয় জন লোকক ক’ভিড পজিটিভ পোৱা যায় । বাঘ পোৱালিকেইটাৰ চোৱা-চিতা কৰা কৰ্মীজনকো ক’ভিড পজিটিভ পোৱা যায় । সম্ভৱতঃ পৰিচৰ্যা কৰাসকলৰ ভিতৰৰে কোনো এজনৰ শৰীৰৰ পৰা এই মাৰাত্মক ভাইৰাছ পোৱালি দুটাৰ শৰীৰত প্ৰৱেশ কৰিছে ।
পাকিস্তানৰ পশু অধিকাৰ কৰ্মীসকলে দাবী জনায় আহিছে যে, চিৰিয়াখানাত অস্বাস্থ্যকৰ পৰিৱেশত ৰখা হয় প্ৰাণীবোৰক । বাঘ পোৱালি দুটিৰ মৃত্যুৰ পাছত এই অভিযোগ পুনৰ উত্থাপিত হৈছে । বগা বাঘ বিৰল প্ৰজাতিৰ হোৱা হেতুকে এনেধৰণৰ অস্বাভাৱিক মৃত্যুৱে আলোচনাৰ সৃষ্টি কৰিছে ।