গ্ৰেটাৰ বিতৰ্কিত ‘টুলকিট’ শ্বেয়াৰ কৰা বাংগালুৰুৰ যুৱতীক গ্ৰেপ্তাৰ

greta thunberg 660 030221081446

ভাৰতৰ কৃষক আন্দোলনৰ সমর্থনত আন্তর্জাতিক পৰিৱেশ কর্মী গ্রেটা থুনবাৰ্গে শ্বেয়াৰ কৰা ‘টুলকিট’ক লৈ হােৱা বিতর্ক অব্যাহত আছে। এইবাৰ এই বিতর্কই নতুন মােৰ ললে।

আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্রেপ্তাৰ কৰিলে ২১ বছৰ বয়সীয়া ছাত্রী তথা পৰিৱেশ কর্মী দিশা ৰবিক। যুৱতীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি তেওঁ উক্ত বিতর্কিত টুলকিট’ৰ সম্পাদনা কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

দেওবাৰে গ্রেটাৰ বিতর্কিত টুলকিট’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অভিযােগত দিশাক আৰক্ষীয়ে বাংগালুৰুৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে। বিশ্বৰ পৰিৱেশ ৰক্ষা আন্দোলনৰ অন্যতম সক্রিয় কর্মী গ্রেটাই শ্বেয়াৰ কৰা কৃষকৰ আন্দোলনৰ সন্দৰ্ভত তৈয়াৰ কৰা ‘টুলকিট’ক লৈ বিগত কিছুদিন ধৰি বিতর্ক অব্যাহত আছে।

বিগত গণৰাজ্য দিৱসৰ দিনা কৃষকৰ প্ৰতিবাদী ট্রেক্টৰ সমদলত সংঘটিত হােৱা হিংসাত্মক ঘটনাৱলীৰ পাছতে প্রতিবাদী কৃষকৰ প্রতি সমর্থন ব্যক্ত কৰি গ্রেটাই টুইটাৰত মন্তব্য প্রকাশ কৰিছিল। আন্তর্জাতিক পৰিৱেশ কর্মীগৰাকীয়ে এই সন্দৰ্ভত এক টুলকিট’ শ্বেয়াৰ কৰিছিল। দিল্লী আৰক্ষীৰ দাবী অনুসৰি উক্ত ‘টুলকিট’ খালিস্তান সমর্থকে তৈয়াৰ কৰিছিল। গ্রেটাই শ্বেয়াৰ কৰা উক্ত ‘টুলকিট’ বাংগালুৰু নিবাসী দিশায়াে নিজৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টত ‘শ্বেয়াৰ কৰিছিল।

এই তথ্য নিশ্চিত কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা যুৱতীগৰাকীক নিজৰ জিম্মাত লয়। দিশা ‘ফ্রাইডে ফ’ৰ ফিউচাৰ’ অভিযানৰ অন্যতম প্রতিষ্ঠাপক সদস্য। ২০১৮ আগষ্টত নিজৰ স্কুল ক্ষতি কৰি গ্রেটাই পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যেৰে এক আন্দোলন আৰম্ভ কৰিছিল। সেই সময়ৰ পৰা গ্রেটাৰ এই আন্দোলনক ভাৰতত নেতৃত্ব দিয়াৰ বাবে দিশাই আগবাঢ়ি আহিছিল।

Exit mobile version