চালি খুলি ঘৰত প্ৰৱেশ কৰি বান্দৰে নিলে দুই যমজ শিশুক

xk3glbky 720

দেশৰ বিভিন্ন জনাঞ্চলতে ব্যাপকভাৱে বৃদ্ধি পাইছে বান্দৰৰ উপদ্ৰৱ । যিকোনো ঠাইতে বান্দৰৰ দলে আহি মানুহৰ ঘৰ-বাৰীত প্ৰৱেশ কৰি সকলোবোৰ তহিলং কৰে । কিন্তু তামিলনাডুৰ তাঞ্জিবুৰ নামৰ বান্দৰৰ জাকৰ বাবে সংঘটিত হ’ল এক কৰুণ ঘটনা । এহাল যমজ শিশুক অপহৰণ কৰি নিলে এদল বান্দৰে । যাৰ বাবে এটি অবোধ শিশুৱে প্ৰাণো হেৰুৱাবলগীয়া হয় । বান্দৰৰ দলে ঘৰৰ চালিৰ খাপৰি খুলি ভিতৰত প্ৰৱেশ কৰি এই ঘটনা সংঘটিত কৰে বুলি জনাইছে কন্যা শিশু দুটিৰ মাতৃ ভুৱনেশ্বৰীয়ে ।

ঘটনাৰ সন্দৰ্ভত ভুৱনেশ্বৰীয়ে জনাইছে যে, আঠ মহীয়া যমজ ভগ্নীক শুৱাই থৈ তেওঁ ঘৰুৱা কামত ব্যস্ত হৈ আছিল । হঠাতে তেওঁলোকৰ ঘৰৰ চালত আহি উপস্থিত হয় বান্দৰৰ জাক এটা । আহিয়েই বান্দৰৰ দলটোৱে ততাতৈয়াকৈ চালৰ খাপৰি টানি-আঁজুৰি খুলিবলৈ আৰম্ভ কৰে । বান্দৰৰ কাণ্ড দেখি মহিলাগৰাকীয়ে চিঞৰ-বাখৰ আৰম্ভ কৰে । কিন্তু প্ৰতিৱেশী লোক দৌৰি অহাৰ পূৰ্বেই বান্দৰৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নিদ্ৰাৰত শিশু দুটিক দাঙি পলায়ন কৰে । ঘটনাটো সদৰী হোৱাৰ লগে লগে অঞ্চলবাসীয়ে শিশু দুটিক বিচাৰি চলাথ কৰে ।

প্ৰতিৱেশীসকলৰ সহায়ত অঞ্চলটোৰ এটা বাসগৃহত ৰ ছাদৰ পৰা ভুৱনেশ্বৰীৰ এটি কন্যাক উদ্ধাৰ কৰা হয় । কিন্তু আনটি শিশুক কোনেও বিচাৰি পোৱা নাছিল । বহু সময় ধৰি অনুসন্ধান কৰাৰ পাছত অঞ্চলটোৰ এটা জলাশয়ৰ পৰা শিশুটিৰ দেহ উদ্ধাৰ হয় । স্থানীয় লোকে ততালিকে এজন চিকিৎসকক মাতি আনে । কিন্তু চিকিৎসকে পৰীক্ষা কৰি শিশুটিক মৃত বুলি ঘোষণা কৰে । স্থানীয় আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version