ছ’চিয়েল মিডিয়াত ভাইৰেল এজনী ভাটৌ চৰাই

Screenshot 221

আজি কালি ছ’চিয়েল মিডিয়াত ক’ত যে কি ভাইৰেল নহয়। ছ’চিয়েল মিডিয়া অহাৰ পৰা, মনোৰঞ্জনৰ এক বেলেগ পৃথিৱী মুকলি হৈছে। সমগ্ৰ লকডাউনত মানুহে মুক্তি বা যোগাযোগ কৰাৰ একমাত্ৰ উপায় আছিল ছচিয়েল মিডিয়া।ইয়াত আমি এনে বস্তু দেখোঁ যিয়ে আমাৰ মন ভাল কৰি দিয়ে।

এটা ৰাতিৰ ভিতৰতে কাৰোবাক বনায় দিয়ে চেলিব্ৰেতি।তাৰ ভিতৰত আছে ষ্টেচনত গান গাই থকা এগৰাকী ভীক্ষাৰি মহিলা ,ৰানু মণ্ডল ।সদায় তেওঁ ষ্টেচনত গীত গাই ভিক্ষা খোজে আৰু এদিন তেওঁৰ জীৱন সলনি হ’ল।এদিন এজন ব্যক্তিয়ে ৰাণুৰ গানটো ৰেকৰ্ড কৰিছিল আৰু ইয়াক সামাজিক মাধ্যমত প’ষ্ট কৰিছিল।

ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল মহিলাগৰাকী। তাৰ পিছতে তেওঁ পোনপটীয়াকৈ মুম্বাইলৈ গৈ হিন্দী চিনেমাৰ গীত গাবলৈ সুবিধা পায়।ঠিক তেনেদৰে আকৌ, দিল্লীৰ সেই বাবা কা ধাবাৰ দৰিদ্ৰ পুৰণি দোকানীজন। লকডাউনত তেওঁৰ খাদ্য বিক্ৰী হোৱা নাই। তেওঁ কান্দি আছিল আৰু এজন ইউটিওবাৰে ভিডিঅ’ কৰি ইয়াক সামাজিক মাধ্যমত দি দিছিল।তাৰ পিছতে বাবা কা ধাবাত হাজাৰ হাজাৰ লোক একত্ৰিত হয়।

এনেধৰণৰ ঘটনা এই ছচিয়েল মিডিয়াত ঘটি আহিছে। কেৱল মানুহে নহয় বিভিন্ন সময়ত বিভিন্ন জীৱ জন্তুৰো ভিডি’অ ভাইৰেল হৈছে ।কেতিয়াবা যদি চৰাইয়ে গান গাই আছে। কেতিয়াবা আকৌ বাঘে বিভিন্ন কাৰ্য কৰি মনোৰঞ্জনৰ সৃষ্টি কৰিছে । ঠিক সেইদৰেই শেহতীয়াকৈ পুনৰ এটা ভিডি’অ ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈছে।ভিডি’অটোত দেখা গৈছে এটা চৰাইয়ে এটা অট্টালিকাৰ খিৰিকীৰ জালনাত বহি মামি মামি চিঞঁৰি আছে ।

তথ্য অনুসৰি পোহনীয়া টিয়া নামৰ চৰাইটো কেইদিনমান আগতে ঘৰৰ পৰা ওলাই গৈছিল। পুনৰ তেওঁ কেইদিনমানৰ পিছত, অট্টালিকাটোৰ মালিকৰ ফ্লেটটো চিনাক্ত কৰি খিৰিকীত আহি টয়াই মাত দিয়ে মামি, মামি। চৰাইটোৱে খিৰিকীত থকা জালনা খন খুলি দিবলৈ অনুৰোধ জনায়। তাৰ কিছু সময়ৰ পিছত, কোনো নহা টিয়া নিজেই খিৰিকীৰ সিপাৰে থকা কোঠাটোত প্ৰৱেশ কৰিলে।

Exit mobile version