জাপানত ৭.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প

ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ, আহত ১০৪ জন

reuters japan earthquake 20210214 3

শক্তিশালী ভূমিকম্পত কালি কঁপি উঠিল জাপানৰ উত্তৰ-পূৱ অংশৰ বিস্তীৰ্ণ অঞ্চল । প্ৰাণহানিৰ ঘটনা সংঘটিত নহ’লেও ভূমিকম্পত আহত হৈছে শতাধিক । ক্ষতিগ্ৰস্ত বহু ঘৰ-দুৱাৰ, বিদ্যুৎ ব্যৱস্থা, ৰে’ল পৰিসেৱা । ভূমিকম্প ৭.৩ ৰিখটাৰ স্কেল তীব্ৰ আছিল ।

জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে, ২০১১ ৰ মাৰ্চত হোৱা ভূমিকম্পৰ তীব্ৰতা আছিল ৯.০ ৰিখটাৰ স্কেল ।

কালি নিশা ১১.৮ বজাত জাপানত ভূমিকম্প আহিছিল । ভূমিকম্পৰ ফলত ঘৰত ফাঁট মেলিছে, দুৱাৰ-খিৰিকী ভাঙি পৰিছে আৰু বিদ্যুৎ পৰিসেৱাও ব্যাহত হৈছে । ফুকুছিমাৰ বিভিন্ন স্থানত ভূমি নিম্নগামী হৈছে । কম্পনৰ তীব্ৰতা অধিক হোৱা বাবে টকিঅ’ চহৰো কঁপি উঠিছিল ।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে টুহুকো অঞ্চলৰ মিয়াগি আৰু ফুকুছিমা অঞ্চল । দুই অঞ্চলৰে বৃহৎ অংশত নিশাই বিদ্যুৎ আৰু জল সৰবৰাহ বন্ধ হৈ পৰে । কালি বিচ্ছিন্ন হোৱা বিদ্যুৎ সংযোগ আজি পুনৰ স্থাপন কৰি দিয়া হয় । জাপানৰ চৰকাৰী সংবাদ মাধ্যমে জনায় যে, ভূমিকম্পৰ ফলত ১০৪ জন লোক আহত হৈছে । অধিকাংশৰেই হাঁড় ভাঙিছে ।

মন্ত্ৰীসভাৰ মুখ্য সচিব কাটছুন’বু কাট’ৱে সংবাদ মেলত জনায় যে, কিছুদিন পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু স্থানত কৰ’না প্ৰতিষেধক প্ৰেৰণ কৰা হৈছিল । কিন্তু বিদ্যুৎ বিচ্ছিন্নতাই কোনো প্ৰভাৱ পেলোৱা নাই ।

ভূঁইকপৰ ফলত ছিনকানছেন বুলেট ট্ৰেইন পৰিসেৱা স্তব্ধ হৈ পৰে । অনাগত কিছুদিনলৈ ৰে’ল পৰিসেৱা বন্ধ থকাৰেই সম্ভাৱনা আছে বুলি জনায় প্ৰশাসনে ।

Exit mobile version