১১ টা সন্তানৰ মাতৃ ২৩ বছৰীয়া কোটিপতি তৰুণী ১০৫ টা সন্তানৰ মাতৃ হ’ব বিচাৰে

SKXIW3J2CBBXXHFYITXCIPDDPI

ক্ৰিষ্টিনাই ইমানেই শিশুক ভাল পায় যে তেওঁ ইতিমধ্যে ১১ টা সন্তানৰ মাতৃ । ক্ৰিষ্টিনাই ভৱিষ্যতে এই সংখ্যা বঢ়াই ১০৫ লৈ বৃদ্ধি কৰিব বিচাৰে ।

ক্ৰিষ্টিনা আৰু তেওঁৰ স্বামীৰ জৰ্জিয়াত এখন ডাঙৰ হোটেল আছে। কোটিপতি দম্পত্তিৰ বাবে অভাৱ নাই ধনৰ।

তেওঁলোক দুয়োজনে শিশুক বহুত ভাল পায় আৰু দুয়োজনে বিচাৰে যে তেওঁলোকে গোটেই জীৱন পৰিয়ালত শিশুসকলৰ লগত খেলি অতিবাহিত কৰিব পাৰে ।

মহিলাগৰাকীৰ সম্পূৰ্ণ নাম ক্ৰিষ্টিনা উজটাৰ্ক। তেওঁলোক স্বামী, গালিপ উজতৰ্ক। তেওঁলোকে জৰ্জিয়াত বাস কৰে।

জৰ্জিয়াত ছাৰগেট পদ্ধতিৰে গৰ্ভধাৰণ কৰা যথেষ্ঠ ব্যয়বহুল । ১১ টা শিশুৰ ভিতৰত ১০ জন ৰ জন্ম এনেদৰে হৈছিল। অৰ্থাৎ তেওঁলোকৰ সন্তানক আন এগৰাকী মহিলাৰ গৰ্ভত ডাঙৰ কৰা হয়।

এই শিশুসকলৰ ভিতৰত কেৱল এজনহে ক্ৰিষ্টিনাৰ গৰ্ভত ডাঙৰ হয়। তেওঁ ছয় বছৰ পূৰ্বে এজনী কন্যা জন্ম দিছিল।

তেওঁ জন্ম দিয়া কন্যা সন্তানৰ নাম ভিকা। ভিকাই তেওঁলোকৰ প্ৰথম সন্তান। ভিকাৰ পিছত, তেওঁলোকৰ সকলো সন্তান আন এগৰাকী মহিলাৰ গৰ্ভত ডাঙৰ হয় অৰ্থাৎ অন্য এগৰাকী মহিলাই জন্ম দিয়ে।

ছাৰ’গেট পদ্ধতিৰ দ্বাৰা সন্তান জন্ম দিয়াটো যথেষ্ট ব্যয়বহুল যদিও এইটো ২৩ বছৰীয়া কোটিপতি ক্ৰিষ্টিনা আৰু তেওঁৰ স্বামীৰ শিশুৰ প্ৰতি থকা প্ৰেমৰ বাবে এটা ‘সৰু বিষয়’।

ক্ৰিষ্টিনাই কয় যে তেওঁ ১০ জন সন্তানৰ বাবে আঠ হেজাৰ ইউৰো খৰচ কৰিছে। ইয়াৰ অৰ্থ হৈছে মুঠ ৮০,০০০ ইউৰো ব্যয় কৰা হৈছে। আজিৰ দিনত ইয়াৰ ভাৰতীয় মূল্য হৈছে ৭০ লাখতকৈ অধিক।

২৩ বছৰীয়া ক্ৰিষ্টিনাই শেহতীয়াকৈ তেওঁলোকৰ সপোনবোৰৰ কথা মিডিয়া পৃষ্ঠাত তুলি ধৰিছে। ক্ৰিষ্টিনাই লিখিছে, ‘অলিভিয়া ১০ টা শিশুৰ ভিতৰত আটাইতকৈ সৰু। যোৱা মাহৰ শেষত তেওঁৰ জন্ম হয়’।

ক্ৰিষ্টিনাই কয় যে তেওঁ আৰু তেওঁৰ স্বামী দুয়োজনে আৰু বহুতো সন্তান বিচাৰে। তেওঁলোকে ১০৫ টা সন্তান ৰাখিব বিচাৰে।

ক্ৰিষ্টিনাৰ দৰে এগৰাকী জীৱন সঙ্গী পাই উৎফুল্লিত স্বামী গালিপ উজটাৰ্ক । তেওঁৰ পত্নীৰ সপোন পূৰণ কৰিব বিচাৰে।

Exit mobile version