এছ আই পৰীক্ষাত উত্তীৰ্ণ হৈ কলগাছিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই যুৱকে

WhatsApp Image 2021 02 17 at 4.43.56 PM

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলাজা আৰু বালা গাঁৱৰ ক্ষুদ্ৰকুছি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে হুমায়ুন স্বাহানুৰ আৰু বাহাৰুল ইছলামে। হুমায়ুন স্বাহানুৰে ৰাজ্যত অনুষ্ঠিত হোৱা উপ-পৰিদৰ্শকৰ পৰীক্ষাত ৯৯ ৰেঙ্কত উত্তীৰ্ণ হয়। হুমায়ুন স্বাহানুৰ নৈপৰীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱক ।

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াত হুমায়ুন স্বাহানুৰৰ ঘৰ একাধিকবাৰ নদীৰ বুকুত জাঁহ যায় । স্বাহানুৰে এই কৃতকাৰ্য্যতাৰ বাবে পিতৃ-মাতৃ, ককায়েক, খুৰা, গাওঁবাসী আৰু আজমল ফাউণ্ডেছনৰ লগতে অসম চৰকাৰক ধন্যবাদ জনায়।

তদ্ৰুপ ক্ষুদ্ৰকুছি গাঁৱৰ বাহাৰুল ইছলামে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে মাতৃক হেৰুৱায় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত পিতৃৰ বিয়োগ ঘটে। ঘাতমাউৰা বাহাৰুল ইছলামে কৃতকাৰ্য্যতাৰ বাবে ইছলামে জ্যেষ্ঠ ভাতৃ, খুৰা, গাওঁবাসীৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ’বলৈ নিজৰ লক্ষ্য স্থিৰ কৰি ল’বলৈ পৰামৰ্শ দিয়ে বাহাৰুলে । লগতে পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীক ম’বাইলৰ পৰা আঁতৰি থকাৰ পৰামৰ্শও আগবঢ়ায়। অনাগত দিনত সৎ আৰক্ষী বিষয়া হিচাপে কৰ্তব্য পালন কৰি সমাজ আৰু মানৱ সেৱা কৰি যাব বুলি জনায় কৃতিমান দুগৰাকীয়ে ।

Exit mobile version