এটা গৰুৰ মূল্য দুই কোটি ৬১ লাখ !

বিশ্ব ৰেকৰ্ড কৰিলে পছ স্পাইছে

COW1 602216b10196c

চাৰি মহীয়া এটা গৰু কিমান মূল্যত বিক্ৰী কৰিব পাৰিব ? মূল ঘমাইয়ো সঠিক উত্তৰ দিব নোৱাৰিব । এই গৰুৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব । নিলামত গৰুটোৰ মূল্য আঢ়ৈ কোটি টকাৰো অধিক, দুই কোটি ৬১ লাখ টকা । গৰুটোৰ নাম পছ স্পাইছ । মধ্য ইংলেণ্ডত জন্ম হয় ।

ইতিমধ্যে মূল্যৰ নিৰিখত বিশ্ব ৰেকৰ্ড কৰিছে গৰুটোৱে । ইয়াৰ পূৰ্বে কোনো গৰু ইমান মূল্যত বিক্ৰী হোৱা নাই । ভিক্ট’ৰিয়া বেকহেমৰ ভক্ত এই গৰুৰ গৰাকী । সেয়ে গৰুটো পছ স্পাইছ নামেৰে নামাকৰণ কৰা হয় ।

গায়িকা ভিক্ট’ৰিয়া বেকহেম প্ৰথমে ‘স্পাইছ গৰ্লছ’ৰ স’তে যুক্ত আছিল । স্পাইছ গৰ্লছ হৈছে গীতৰ বেণ্ড । এই বেণ্ডৰ হৈয়ে গীত পৰিৱেশন কৰিছিল ভিক্টোৰিয়াই । তেতিয়া তেওঁ পছ স্পাইছ হিচাপে পৰিচিত আছিল ।

গৰুটোৰ মাতৃৰ নাম আছিল জিঞ্জাৰ স্পাইছ । জিঞ্জাৰ স্পাইছো স্পাইছ গৰ্লছৰ এগৰাকী গায়িকাৰ নাম আছিল ।

ক্ৰিষ্টাইন উইলিয়াম আৰু তেওঁৰ স্বৰ্গবাসী পিতৃ ডনে একেলগে গৰুৰ পাম নিৰ্মাণ কৰিছিল । ১৯৮৯ৰ পৰা পামটো আৰম্ভ হয় ।

পামৰ গৰু প্ৰতি বছৰেই নিলাম হয় । এই বছৰো হৈছে । কিন্তু এইটো বৰ্ষত নিলামৰ বাবে যি মূল্য নিৰ্ধাৰণ হৈছে সেইটো কেতিয়াও হোৱা নাই । ক্ৰিষ্টাইনৰ বাবে এইটো স্বপ্নৰ দৰে ।

মাঞ্চেষ্টাৰ আৰু কেমব্ৰিয়াৰ যৌথ গৰু ব্যৱসায়ীয়ে গৰুটো ক্ৰয় কৰে । কিন্তু তেওঁলোকে গৰুটো পুনৰ নিলাম কৰিব নে অন্য কিবা সেয়া জনা নাযায় ।

Exit mobile version