জম্মু-কাশ্মীৰত দুদিনৰ বাবে যাত্ৰা কৰিব ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিসকল

বুজ ল'ব পৰিস্থিতিৰ

7hnrqqqs foreign delegation including from eu visit jammu

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত কি অৱস্থাত আছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি সেয়া পুংখানুপুংখভাৱে বুজ ল’বলৈ আজি দুদিনৰ বাবে আহিছে ইউৰোপীয় ইউনিয়নৰ ২০ খন দেশৰ প্ৰতিনিধিৰ এটা দল । সূত্ৰ অনুসৰি, এই কেন্দ্ৰশাসিত অঞ্চলৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ অঞ্চলটোৰ প্ৰতিনিধিসকলৰ স’তে আলোচনাত মিলিত হ’ব তেওঁলোক ।

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা বিষয়টো পূৰ্বেই আন্তৰ্জাতিক স্তৰত উত্থাপন হৈছিল । ইয়াৰ পাছতো জম্মু-কাশ্মীৰৰ পৰিস্থিতিক লৈ বাৰে বাৰে সৰৱ হৈছে দেশৰ বিৰোধী দলসমূহ । মেহবুবা মুফতি, ফাৰুক আৰু অমৰ আব্দুল্লাহৰ দৰে শীৰ্ষ স্তৰৰ নেতাসকলক ‘গৃহবন্দী’ কৰি ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ সুযোগতে পাকিস্তানেও বিষয়টোক লৈ আন্তৰ্জাতিক মহলত ভাৰতৰ বিৰুদ্ধে সৰৱ হয় । যদিও কেন্দ্ৰই‌ বাৰে বাৰে দাবী কৰিছে, ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি উন্নত হৈছে ।

কিন্তু ইয়াৰ পাছতো ক্ৰমে ভাৰতৰ ওপৰত চাপ বৃদ্ধি পাইছিল । বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে, ভাৰত চৰকাৰে যি দাবী কৰিছে, বাস্তৱত তাৰ স’তে মিল আছে নে নাই তাৰেই বুজ ল’বলৈ আহিছে ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিৰ দল । সূত্ৰ অনুসৰি, প্ৰতিনিধিৰ দলটোৱে জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নতুন সদস্যসকলৰ স’তেও আলোচনাত মিলিত হ’ব ।

বিশেষজ্ঞসকলে কয় যে, সম্প্ৰতি জম্মু-কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন হৈ গৈছে । এই নিৰ্বাচনৰ স’তে সংগতি ৰাখিয়ে জনসাধাৰণৰ ভৰষাৰ বিষয়টো প্ৰতিনিধি দলৰ সন্মুখত দাঙি ধৰাৰ চেষ্টা কৰা হ’ব । লগতে এইটোও বুজাবলৈ চেষ্টা কৰা হ’ব যে, আভ্যন্তৰীণ বিষয়ত বাহিৰৰ কোনো লোকে হস্তক্ষেপ কৰাটো ভাৰতে নিবিচাৰে ।

আন্তৰ্জাতিক প্ৰতিনিধি দলক সীমান্ত সন্ত্ৰাসবাদৰ বিষয়টোও দাঙি ধৰাৰ চেষ্টা কৰা হ’ব বুলি সূত্ৰৰ খবৰ । ইয়াৰ পূৰ্বেও কাশ্মীৰৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল আন্তৰ্জাতিক মহলে । ২০১৯ৰ অক্টোবৰত দিল্লীৰ আমন্ত্ৰণত ইউৰোপীয় সংসদৰ ২৭ জন সদস্য জম্মু-কাশ্মীৰলৈ আহিছিল ।

Exit mobile version