ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

দীৰ্ঘতম নদী দলঙৰ আধাৰশিলা স্থাপন উপলক্ষে ধুবুৰীত ৰাজহুৱা সভা

b5eedf3e 0aae 4516 b540 60b5108566b1

অসম আৰু মেঘালয়ৰ মাজত পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল মিডিয়া যোগে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী- ফুলবাৰী সংযোগী দলংখনৰ আধাৰশিলা স্থাপন কৰে ৷ দলঙৰ আধাৰশিলা স্থাপন উপলক্ষে ধুবুৰীৰ আদাবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ৷

ৰাজহুৱা সভাত উপস্থিত ৰাইজক উদেশ্যি প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে আগবঢ়োৱা ভাষণত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ’ শীৰ্ষক গীতৰ কলি আওৰাই কয়, ‘বছৰ বছৰ ধৰি এই পবিত্ৰ নদীখন মিলা প্ৰীতি, যোগাযোগৰ প্ৰতীক হৈ আহিছে৷ কিন্তু এক দীঘলীয়া সময়জুৰি এই মিলা প্ৰীতি যিমান হ’ব লাগিছিল সিমান নহ’ল৷ শেহতীয়াকৈ কেন্দ্ৰ আৰু ৰাজ্যত থকা ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে ভৌগোলিক, সাংস্কৃতিক দূৰত্ব হ্ৰাসৰ বাবে অহৰহ কাম কৰি আছে ৷

সমগ্ৰ উত্তৰ-পূবৰ সম্প্ৰীতি শক্তিশালী হৈছে৷’ তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰে৷ বগীবিল দলং, ভূপেন হাজৰিকা সেতু, শৰাইঘাট দলঙে অঞ্চলটোৰ জীৱনযাত্ৰা সলনি কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আধাৰশিলা স্থাপন কৰা দলংখনে অসমৰ স’তে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ পথ দূৰত্ব বহুখিনি হ্ৰাস কৰিব৷ আন্ত:ৰাষ্ট্ৰীয় দৃষ্টিকোণেৰেও এই দলংখনৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে মাজুলী- নিমাতীৰ মাজত দুখন, উত্তৰ গুৱাহাটী- দক্ষিণ গুৱাহাটীৰ মাজত এখন আৰু ধুবুৰী আৰু হাটশিঙিমাৰিৰ মাজত চলিবলগীয়া এখন ‘ৰো পেক্স’ সেৱাৰো আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয় – ‘ৰো পেক্স সেৱাৰ সুবিধা থকা দেশৰ অগ্ৰণী ৰাজ্য হ’ব অসম৷’ ধুবুৰী- হাটশিঙিমাৰিৰ মাজৰ ৰো পেক্স সেৱাই জিলা দুখনৰ মাজৰ যাতায়তৰ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব। আজিৰ ৰাজহুৱা সভাত আদৰণি ভাষণ আগবঢ়াই ধুবুৰীৰ উপায়ুক্ত দেৱ কুমাৰ কলিতাই কয় যে আজি আধাৰশিলা স্থাপন হোৱা চাৰিলেনযুক্ত দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ই দেশক দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ’ব৷

তেওঁ কয় যে দলংখনৰ মুঠ দৈৰ্ঘ হব ১৯.২৮ কিলোমিটাৰ আৰু নদীৰ ওপৰত থকা অংশৰ দৈৰ্ঘ হব ১২.৬২ কিলোমিটাৰ৷ অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ধুবুৰী- ফুলবাৰীৰ মাজত দলং স্থাপন কৰাটো সম্ভৱপৰ হোৱা বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ কেতিয়াও সম্ভৱ নহ’ব বুলি ভবা কাম এটা বাস্তবায়িত হবলৈ আগবঢ়া বুলিও মন্তব্য চৌধুৰীৰ ৷

পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সভাত উপস্থিত থাকি কয়-‘ আমি এসময়ত কল্পনাও কৰিব নোৱাৰা এখন দলঙৰ নিৰ্মাণ আৰম্ভ হৈছে ৷ তেওঁ ক’ভিডৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো বন্ধ কৰি ৰখা ৰূপসী বিমান বন্দৰ শীঘ্ৰে খুলি দিয়া হব বুলি মন্তব্য কৰে৷ শিক্ষা আৰু জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই কয়-‘ এখন দলং এটা অঞ্চলৰ লাইফ লাইন হিচাপে পৰিগণিত হয়৷ এই দলংখনো তেনে হ’ব৷

আজিৰ পৰা পথ যোগাযোগৰ এটা নতুন অধ্যায়ৰ সূচনা হ’ল৷’ সভাত ভাষণ আগবঢ়াই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কয়- ‘আজিৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন৷ দলংখন নিৰ্মাণৰ উদ্যোগ লৈ আমাৰ এটা দীৰ্ঘদিনীয়া দাবীক বাস্তৱায়িত কৰা বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো৷’ সভাত ভাষণ আগবঢ়াই ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্ত:গাথনি উন্নয়ণ নিগমৰ সঞ্চালক ভি কে ৰাজাৱতে কয় যে ৪৯৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দলঙখনৰ নিৰ্মাণ কাৰ্য ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় নিদ্ধাৰণ কৰা হৈছে৷

উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল মাধ্যমেৰে মাজুলীক সংযোগ কৰি নিৰ্মাণ হ’বলগীয়া দলংখনৰ লগতে আন বহুকেইটা প্ৰকল্পৰ আৰম্ভ কৰে৷ মাজুলীত অনুষ্ঠিত ৰাজহুৱা সভাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা, লোক নিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি আগবঢ়োৱা ভাষণ ডিজিটেল মাধ্যমেৰে ধুবুৰীৰ সভাত উপস্থিত ৰাইজক পোনপটীয়াকৈ দেখুওৱা হয়৷

Exit mobile version