সৌন্দৰ্য্যৰে ভৰপূৰ এখন পৰ্বত’ ছন অৱ হেভেন’

istockphoto 1214452211 612x612 1

প্ৰকৃতিৰ বিচিত্র রূপে সদায় মানৱজাতিক অবাক কৰি আহিছে। এই জগতখনত এনে আশ্চৰ্যকৰ দৃষ্টান্ত অনেক পােৱা যায়। দেশে-বিদেশে এনে বহু প্রাকৃতিক আশ্চর্য দেখা পােৱা যায়, যি প্রথম দৃষ্টিতেই মানুহৰ মন-প্রাণ হৰি নিয়ে। তেনে প্রাকৃতিক আশ্চর্যৰ তালিকাতে আছে চীনৰ তিয়াঞ্জি পর্বত। সেই পৰ্বতৰ সৌন্দর্য ইমানেই মধুৰ যে পর্বতখনক কোৱা হয় ‘ছন অৱ হেভেন’ (Son of Heaven) বা স্বৰ্গৰ পুত্র।

প্রায় ৬৭ হেক্টৰ অর্থাৎ ১৬,৫৫০ একৰ ভূমিত বিস্তীর্ণ অঞ্চল তিয়াঞ্জি পর্বতমালা। এই পর্বতমালাৰ সবাতােকৈ ওখ পাহাৰখনৰ উচ্চতা সমুদ্রপৃষ্ঠৰ পৰা প্ৰায় ৪১৪০ ফুট বা ১২৬২ মিটাৰ। তিয়াঞ্জি পর্বতমালাৰ একো একোখন পাহাৰে পৰস্পৰক চেৰাই গৈ প্রায় আকাশ স্পর্শ কৰিছে। সীমা চেৰাই যােৱা এই পর্বতমালাক ‘দ্য মনার্ক অৱ দ্য পিক ফৰেষ্ট (The Monarch of the Peak Forest) বুলি কোৱা হয়। পর্বতমালাৰ অবাক কৰা সৌন্দর্য দেখিলে সকলােৰে চকু শাঁত পৰি যায়।

সেই নয়নাভিৰাম দৃশ্যৰ মাজত পর্বতমালাৰ উপৰিও আছে আন বহুতাে। দিনৰ ভাগত পাহাৰবােৰক ভেদ কৰি যায় শুধ বগা তুলাৰ দৰে মেঘপুঞ্জই। নিশাৰ সৌন্দর্যও কম নহয়। জোনৰ পােহৰত ৰূপৱতী হৈ পৰে তিয়াঞ্জি পর্বত। শীতকালৰ চেহেৰাও আকৌ ভিন্ন। বৰফৰে পর্বতখন ঢাকি পৰে। সেই বৰফৰ চাদৰত যেতিয়া সূৰ্যৰ কিৰণ বিয়পি পৰে, চৌদিশে সৃষ্টি হয় অনুপম সৌন্দর্য। এনে সৌন্দর্য উপভােগৰ বাবে পর্বতমালাত ‘কেবল কাৰ’ (ওলমা গাড়ী)ৰ ব্যৱস্থাও আছে।

পর্বতমালাৰ অসংখ্য পাহাৰ ইফালে সিফালে সিঁচৰিত হৈ সৌন্দর্য মাত্রাধিক কৰি তুলিছে। গােটেই বছৰটোতে এই অঞ্চলত অতুলনীয় সৌন্দর্যই বিৰাজ কৰে। অঞ্চলটোৰ গড় তাপমাত্রা ১২ ডিগ্রী চেলছিয়াচ। বছৰটোত হােৱা বৰষুণৰ গড় মাত্রা হ’ল ১৮০০ মিলিলিটাৰ। তিয়াঞ্জিৰ অনুপম সৌন্দর্য উপভােগৰ সঠিক সময় হ’ল এপ্রিল-মে’ আৰু ছেপ্টেম্বৰ-অক্টোবৰ।

Exit mobile version