অষ্ট্ৰেলিয়াত বন্ধ হ’ল ফেচবুক কিন্তু কিয় পঢ়ক সবিশেষ

facebook

বৃহস্পতিবাৰৰ ৰাতিপুৱাৰ পৰা ফেচবুকত কোনো খবৰ দেখা পোৱা নাই অষ্ট্ৰেলিয়াবাসীয়ে শ্বেয়াৰ কৰিব পৰা নাই আন্তৰ্জাতিক বা দেশৰ কোনো খবৰৰ লিংক ।ফেচবুক কৰ্তৃপক্ষই জানাই যে সিদ্ধান্তটো দেশৰ নতুন প্ৰস্তাৱিত মিডিয়া আইনৰ উত্তৰত আছিল।

ADVERTISEMENT

একে সময়তে,একেটা দিনতে ফেচবুকত স্বাস্থ্য, ইন্ধনৰ দৰে জৰুৰী কালীন চৰকাৰী তথ্য সেৱা বন্ধ কৰা হয়। যদিও পিছত দুখঃপ্ৰকাশ কৰি ফেচবুক কৰ্তৃপক্ষই কয় যে তেওঁলোকৰ চৰকাৰী সেৱা বন্ধ কৰাৰ কোনো উদ্দেশ্য নাই। কোনো আগতীয়াকৈ বাৰ্তা নিদিয়াকৈ মাৰ্ক জোকাৰবাৰ্গ সংস্থাৰ এই আকস্মিক পদক্ষেপ লোৱাৰ বাবে ক্ষুব্ধ অষ্ট্ৰেলিয়া চৰকাৰ।

প্ৰধানমন্ত্ৰী স্কট মৰিচনে তেওঁৰ ফেচবুক পেজত কয়, “স্বাস্থ্যকে ধৰি জৰুৰীকালীন তথ্য সেৱা বন্ধ ৰাখি অষ্ট্ৰেলিয়াৰ স’তে বন্ধুত্ব হীন কৰাৰ এই সিদ্ধান্ত অহংকাৰী আৰু হতাশাজনক।” ‘অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ফেচবুকৰ ব্যৱস্থাপনা সঞ্চালক, উইলিয়াম এষ্টনে কয় যে অষ্ট্ৰেলিয়া আৰু আন্তৰ্জাতিক সংবাদ প্ৰকাশন সংস্থাসমূহ আৰু অষ্ট্ৰেলিয়াৰ গ্ৰাহকসকলে ফেচবুকত কোনো সংবাদ লিংক শ্বেয়াৰ কৰিব নোৱাৰে।

কোনো খবৰ দেখা নাযায় লগতে অন্য দেশতো ফেচবুকত অষ্ট্ৰেলিয়ান বাতৰি দেখা নাযায়।কিন্তু কিয় এই সিদ্ধান্ত ফেচবুকৰ? কি আছে এই প্ৰস্তাৱিত আইনত ? অষ্ট্ৰেলিয়া চৰকাৰৰ মতে, গুগল, ফেচবুকৰ বাবে সংস্থাসমূহৰ বিনামূলীয়া খৰছত স্থানীয় সংবাদ সংস্থাসমূহ খবৰ দেখাই বা লিংক শ্বেয়াৰ কৰে ।

অথচ বিজ্ঞাপনত তেওঁলোকৰ আয় আকাশ চুৱে ।আনহাতে বিজ্ঞাপনৰ ক্ষেত্ৰত আয় কমিছে দেশীয় সংবাদ সংস্থাসমূহৰ। এই বৈষম্য ৰক্ষা কৰিবলৈ, স্কট মৰিচন চৰকাৰে ঘোষণা কৰিছিল যে ফেচবুক, গুগলে বাতৰিটো দেখুৱাবলৈ বিভিন্ন সংবাদ সংগঠনৰ বাবে চুক্তি কৰিব লাগিব। সেই মতে, তেওঁলোকে পৰিশোধ কৰিব লাগিব। গুগলে এই চৰ্তটো গ্ৰহণ কৰিছিল কিন্তু ফেচবুকে সেই পথটো অনুসৰণ কৰা নাছিল। গতিকে এই সিদ্ধান্তটো লোৱা হয়।

Exit mobile version