এইবাৰ অন্য ৰূপত দেখা গ’ল ছানি লিয়নিক

চকুৱে যিমান দূৰ দেখা যায় সিমান দূৰৰ লৈকে কেৱল পানী আৰু পানী । পানীৰ মাজত এখন নাও। নাওখনত বহি আছে তাৰকা ছানি লিয়নি । চুলিকোছা মেলা শান্ত দুটি চকু আৰু কলপাত এটা চন্দনৰ ফোঁট। অন্য দিনতকৈ এইবাৰ বেলেগে ধৰণে দেখা গ’ল সকলোৰে প্রিয় ছানি লিয়নিক।

ADVERTISEMENT

ৰঙা আৰু সোণালী ৰঙৰ ব্লাউজৰ স’তে মিলাই পিন্ধিছিল কেৰালাৰ শাৰী ।এই পোছাকৰ স’তে, কাণত সোণৰ ফুলি ভৰিত সোণৰ নুপুৰ, দুয়োখন হাতত ৰঙা খাৰু পিন্ধা দেখা গ’ল ছানিক । অভিনেত্ৰীগৰাকীয়ে কেৰেলা এনেদৰেই কৰিছে ফটোশ্বুট । তেওঁ বৰ্তমান ‘স্প্লিটস্বিলা’ অনুষ্ঠানৰ দৃশ্যগ্ৰহণ কৰিবলৈ কেৰেলাত আছে।

ছানীয়ে নিজৰ এই ছবিবোৰ ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে আৰু অনুৰাগীসকলৰ মন মুহিছে ছানিয়ে। ছানিক বিখ্যাত চেলিব্ৰিটি ডিজাইনাৰ আৰু ষ্টাইলিষ্ট হিটেন্দ্ৰ কাপোৰে সজ্জিত কৰিছে।ছানীৰ এই অৱতাৰত প্ৰভাৱিত হৈছে তেওঁৰ অনুৰাগীসকল । ফটোবোৰ প’ষ্ট কৰাৰ তিনি ঘণ্টাৰ ভিতৰত তেওঁৰ ফটোত লাইৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে। লগতে প্ৰশংসা আৰু প্ৰেমেৰে উপচাই পেলাইছে ছানিক।ছানিয়ে কেৰালালৈ যোৱাৰ পিছৰ পৰা বিভিন্ন মূহুৰ্তৰ ছবি তেওঁৰ ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে।

Exit mobile version