সন্ধান ওলাল পৃথিৱীৰ প্রাচীনতম মদৰ ভাটিৰ

মিছৰৰ মাটিৰ তলত ওলাল পাঁচ হেজাৰ বছৰৰ পূর্বে প্রস্তুত কৰা বীয়েৰ

egypt worlds oldest brewery 01 ht llr

প্রত্নতত্ত্ববিদসকলৰ বাবে আজিও অপাৰ বিস্ময়ৰ খনি হৈছে প্রাচীন মিছৰ। কে’বা হেজাৰ বছৰৰ প্রাচীন পৃথিৱীৰ বায়ু-পানী যেন এতিয়াও লাগি আছে একালৰ মিছৰ তথা এতিয়াৰ ইজিপ্টৰ গাত। প্রায় নিয়মিতভাৱেই ইজিপ্টত উদ্ধাৰ হৈ থাকে প্রাচীন মিছৰীয় সভ্যতাৰ বিভিন্ন চিহ্ন।

এইবাৰ ইজিপ্টৰ মাটিৰ তলৰ পৰা সন্ধান ওলাল বিপুল পৰিমাণৰ মদৰ ভাণ্ডাৰৰ। প্রাচীন কালতে স্থাপন হােৱা এই বীয়েৰৰ কাৰখানাৰ অৱশিষ্ট তথা তাত এতিয়াও বিৰাজমান হৈ থকা বীয়েৰৰ ভাণ্ডাৰ দেখি প্রত্নতাত্ত্বিকসকল আচৰিত হৈ পৰিছে। এইটোৱেই পৃথিৱীৰ সবাতােকৈ প্রাচীন মৰ কাৰখানা বুলিও তেওঁলােকে দাবী কৰিছে।

অৱশ্যে প্রত্নতাত্ত্বিকসকলে এই ঘটনাক ঠিক অভূতপূর্ব বুলি কব পৰা নাই। কিয়নাে ইয়াৰ পূর্বেও ২০১৫ত প্রমাণ পােৱা গৈছিল প্রাচীন মিছৰত প্রস্তুত হােৱা বীয়েৰৰ। বিভিন্ন মাটিৰ ধ্বংসাৱশেষৰ পৰা সেয়া পৰিষ্কাৰ হৈছিল। কিন্তু এই বিশাল কাৰখানা আৰু বিপুল পৰিমাণৰ মদখিনিও নিঃসন্দেহে বিস্ময়কৰ তথা অভূতপূর্বই।

মুঠ আঠটা বিশাল আকাৰৰ আধাৰত এই মদখিনি ৰখা হৈছিল। প্ৰতিটো আধাৰত আছিল ৪৫টাকৈ পাত্র। আমেৰিকা আৰু ইজিপ্টৰ যৌথ উদ্যোগত এই খননকার্য চলােৱা হৈছিল দেশখনৰ এবিড’ছত। খননকার্যৰ প্রধান নিউয়র্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক মেথিউ এডামছে কয়, ‘সম্ভৱতঃ মিছৰৰ ৰাজ পৰিয়ালৰ লােকৰ অন্ত্যেষ্টিক্রিয়াত ব্যৱহাৰৰ বাবেই ইয়াত সুৰা প্ৰস্তুত কৰা হৈছিল।

ইতিমধ্যে ইজিপ্টৰ পর্যটন বিভাগৰ তৰফৰ পৰা এই আৱিষ্কাৰ সম্পর্কে সকলােকে অৱগত কৰা হৈছে ।ধাৰণা কৰা হৈছে যে উদ্ধাৰ হােৱা আঠটা আধাৰ বীয়েৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আজিৰ পৰা প্রায় পাঁচ হেজাৰ বছৰৰ পূর্বে মিছৰৰ ৰজা নার্মাৰৰ ৰাজত্বকালতে এই বীয়েৰসমূহ সংৰক্ষিত কৰা হৈছিল বুলি প্রত্নতাত্ত্বিকসকলে ধাৰণা কৰিছে।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে প্রথমবাৰলৈ এই কাৰখানাটোৰ সন্ধান পােৱা গ’লেও বিংশ শতিকাতে এদল ব্রিটিছ প্রত্নতাত্ত্বিকে ইয়াক আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলােকে সেই স্থানৰ সন্ধান পােৱা নাছিল। অৱশেষত এই বীয়েৰ কাৰখানাৰ সন্ধান ওলাল। কেৱল অঞ্চলটো বিচাৰি উলিওৱাই নহয়, পাত্ৰবােৰ খুলি সেয়া পৰীক্ষাও কৰি চোৱা হৈছে। পাঁচ হেজাৰ বছৰৰ পূর্বেই তৈয়াৰ কৰা বীয়েৰখিনি এতিয়াও তেনেদৰেই আছে।

Exit mobile version