কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিত বিৰোধী দল একেবাৰে দুৰ্বল :মঙ্গলছিং তিমুং

জেংখাত হামৰেণ বিজেপিৰ যুটীয়াবৰ্ধিত সভা

fbb683de 51ba 44cb b077 f467f69b2cc8

বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি। সমাগত নিৰ্বাচনৰ লক্ষ্যৰে পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ অন্তৰ্গত জেংখাত আজি হামৰেণ বিজেপি মণ্ডল কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় হামৰেণ বিজেপিৰ এখন যুটীয়াবৰ্ধিত সভা।

সভাত উপস্থিত থকা শতাধিক হামৰেণ বিজেপিৰ নেতা আৰু সক্রিয় কৰ্মীক সম্বোধন কৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সকলোকে মাৰ বান্ধি সাজু হবলৈ আৰু বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিবলৈ আহ্বান জনায়।

লগতে কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোট লাভ কৰি জয়ী হব বুলি দাবী কৰাৰ বিপৰীতে উক্ত সমষ্টিত বিৰোধী দল একেবাৰে দুৰ্বল বুলি মন্তব্য কৰে তিমুঙে। বিগত সময়চোৱাত সমষ্টিবাসীৰ সহায় সহযোগিতাত তেওঁ কাৰ্বি পৰিষদৰ নিৰ্বাচনত তিনি বাৰকৈ নিৰ্বাচিত হৈ ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। সেয়ে সমাগত বিধানসভা নিৰ্বাচনতো পাৰিষদীয় হামৰেণ সমষ্টিত পুনৰ ৰাইজৰ সহায় সহযোগিতাত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোট লাভ কৰিবলৈ সক্ষম হব বুলি দৃঢ়তাৰে কয় তিমুঙে।

আনকি বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিৰোধীৰ অপপ্ৰচাৰ আৰু অভিসন্ধিয়ে বিজেপিৰ একো ক্ষয় ক্ষতি কৰিব নোৱাৰে বুলিও মন্তৱ্য কৰে তিমুঙে। উল্লেখযোগ্য যে আয়োজিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, মংগল বে, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং উপস্থিত থাকে।

Exit mobile version