বকোৰ কালাতলি খেতি পথাৰত পপী ফুলৰ খেতি

বকো আৰক্ষীৰ অভিযানত এক বিঘাতকৈ অধিক পপী ফুলৰ খেতি নষ্ট

280f2cbc d340 4654 85b1 9b272df8c04f

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা। সমান্তৰালভাবে বকো আৰু ছয়গাঁও সমষ্টিৰ ‌বিশেষভাবে সংখ্যালঘু অধ্যুষিত অঞ্চলত বৃদ্ধি পাইছে অবৈধভাবে নিচা জাতীয় দ্ৰব্যৰ বেহা।তথ্য অনুসৰি বকোৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ একাংশ কৃষকে বিগত কিছুদিন ধৰি আফিঙৰ খেতি কৰি পৰিবেশ বিনষ্ট কৰি আহিছে।

ইয়াৰ মাজতে বকো আৰক্ষীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চল জাওকাটাদিয়াত অভিযান চলাই পপী ফুলৰ খেতি নষ্ট কৰিছে। উল্লেখ্য যে,পপী ফুলৰ পৰাই মাৰাত্মক ব্ৰাউন চুগাৰ প্ৰস্তুত কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পপী ফুলৰ খেতিসমূহ নষ্ট কৰি বকো আৰক্ষী থানাত লৈ যায়।আনহাতে আৰক্ষীৰ তদন্তৰ উমান পাই খেতিয়কজন পৰায়ন কৰে। আৰক্ষীৰ মন্তব্য ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version