য়ামাহা এফ জেড ছিৰিজৰ নতুন বাইক

Yamaha FZ FI

এফ জেড ছিৰিজৰ দুখনকৈ নতুন বাইক মুকলি কৰিছে য়ামাহা মটৰ ইণ্ডিয়াই। জাপানৰ দুচকীয়া বাহন প্রস্তুতকাৰী সংস্থা য়ামাহাৰ নতুন এই বাইকসমূহত আছে ১৪৯ চিচি এয়াৰ কুলড়, ফোৰ স্ট্রোক, এছঅ’এইছচি ফুৱেল ইনজেক্টেড বি এছ ৬ ইঞ্জিন।

ADVERTISEMENT

লগতে আছে য়ামাহা মটৰ চাইকেল কনেক্ট এক্স নামৰ এপ যাক ব্লু-টুথৰ মাধ্যমেদি সংযােগ কৰি বাইকৰ লােকেছন, ই-লক, হেজাৰ্ড লাইট, ৰাইডিং হিষ্টী আৰু পার্কিং ৰেকৰ্ড ইত্যাদি বিভিন্ন তথ্য আঙুলিৰ টিপতে পাব পাৰি। বাইকসমূহৰ দাম ১,০৩,৭০০ টকাৰ পৰা ১,০৭,২০০ টকাৰ ভিতৰত।

Exit mobile version