শালবাৰীৰ গামাৰিগুৰিত এমাহজোৰা ক্ৰিকেট টুৰ্নামেণ্ট

ফাইনেলত বিজয়ী মছলবাৰী ক্ৰিকেট দল

8f358d79 8af3 452a 9da2 7e82fcee28aa

বাগসা জিলাৰ শালবাৰীৰ নিমুৱা বাপুজী ক্ৰিকেট ক্লাৱৰ সৌজন্যত গামাৰিগুৰি খেলপথাৰত অলক কুমাৰ দে’ৰ পৰিচালনাত এমাহজুৰি অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেটৰ ফাইনেল খেলখনৰ আজি সামৰণি পৰে৷ ভিন্ন প্ৰান্তৰ খেলুৱৈৰ দলেৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভকুৱামাৰী ক্ৰিকেট ক্লাব আৰু মছলাবাৰী ক্ৰিকেট ক্লাৱৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয়৷

খেলখনত মছলাবাৰী ক্ৰিকেট দল বিজয়ী হ’বলৈ সক্ষম হয়৷ আজিৰ ফাইনেল খেলখন ১৫ অভাৰৰ সময়সীমা বান্ধি দিয়া হৈছিল৷ প্ৰথমে ১৫ অভাৰ খেলি ভকুৱামাৰী ক্ৰিকেট ক্লাবে ১৬৪ ৰাণৰ টাৰ্গেট বান্ধি দিয়ে যদিও আকৰ্ষণীয় ভাবে ১৬৫ ৰাণ লাভ কৰি মছলাবাৰী ক্ৰিকেট ক্লাবে শেষৰ দুটা বলত বিজয়ী হ’বলৈ সক্ষম হয়৷ খেলখনৰ মেন অব দা চিৰিজ বঁটা লাভ কৰিবলৈ সক্ষম হয় মছলাবাৰী ক্ৰিকেট ক্লাবৰ খেলুৱৈ নিৰ্গন দাস, মেন অব দা মেছ বঁটা ভৃগু দাস,শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ভকুৱামাৰী ক্ৰিকেট ক্লাবৰ আবু বক্কৰ আৰু ছিক্সাৰ বঁটা মছলাবাৰী ক্ৰিকেট ক্লাৱৰ প্ৰদীপ দাস৷

বঁটা প্ৰাপ্ত সকলক বঁটা প্ৰদান কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মথনগুৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ গৌতম দাস, গোৱৰ্দ্ধনা ব্লক বিজেপি যুৱ মৰ্চাৰ সভাপতি নীলকমল দাস, সমাজ সেৱক ৰণধীৰ দে,সমাজ সেৱক দয়াল বৰ্মন আদি বিশিষ্ট ব্যক্তি সকলে৷ বঁটা প্ৰদান অনুষ্ঠানত কাৰ্যবাহী সদস্য গৌতম দাসে বিটিআৰৰ কে’বাগৰাকী প্ৰতিভাবান খেলুৱৈৰ নাম লৈ গৌৰৱ কৰাৰ লগতে বিটিআৰৰ প্ৰতি সমষ্টিয়ে সমষ্টিয়ে একো-একোখন খেলপথাৰ নিৰ্মাণ কৰি খেলৰ প্ৰতি খেলুৱৈ সকলক আগুৱাই নিয়াৰ কথা উল্লেখ কৰে৷ আগ্ৰহী খেলুৱৈ সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে গৌতম দাসে৷

Exit mobile version