৯০০ বছৰীয়া এটা পুৰণি গীৰ্জা ভল্টত আছে ৰহস্যজনক মামি

Screenshot 226

৯০০ বছৰীয়া এটা পুৰণি গীৰ্জা আৰু গীৰ্জাত মাজত থকা লোহাৰ দুৱাৰৰ পিছফালে লুকাই আছে বহুতো ৰহস্য । যিবোৰ কাহিনী কিন্তু প্ৰকৃত ৰহস্য আজিও উলিওৱা হোৱা নাই। লোহাৰ দুৱাৰখন খোলাৰ লগে লগে, সংকীৰ্ণ পাথৰ চিৰিবোৰ তললৈ নামি যায়। আন্ধাৰ, গোন্ধযুক্ত সংকীৰ্ণ পথটো অলপ আগুৱাই গলেই দেখা পোৱা যায় কফিনত সজাই ৰখা মৃত দেহ।

বহু বছৰ ধৰি, তেওঁলোক গীৰ্জাৰ তলত পৰি আছে আৰু মামি হৈ পৰিছে। যাৰ এটা মামি আকৌ আপোনাৰ স’তে হাত মিলাবলৈ সন্মত হৈ আছে। আয়াৰলেণ্ডৰ ডাবলিনত থকা ছেণ্ট মিছান গীৰ্জা। গীৰ্জাটো নিৰ্মাণ কৰা হৈছিল ১০৯৫ চনত । ইয়াক পিছত ১৬৮৬ চনত পুনৰ গঠন কৰা হয়।

গিৰ্জাটো নিৰ্মাণ হোৱাৰ পাছতেই কভিনত থকা মৃত শৰীৰবোৰ ইয়াৰ তলৰ ভল্টত ৰখা হৈছিল। কিন্তু কিয় ৰখা হৈছিল তাৰ বিষয়ে কাৰো ওচৰত সঠিক তথ্য নাই। এইটো বিশ্বাস কৰা হয় যে ১৭, ১৮ আৰু ১৯ শতিকাৰ কিছুমান প্ৰভাৱশালী পৰিয়ালৰ সদস্যক তেওঁলোকৰ মৃত্যুৰ পিছত ভল্টত ৰখা হৈছিল। তাৰ ভিতৰত আছে সেই সময়ৰ প্ৰভাৱশালী হিয়ামিলটনৰ পৰিয়াল। এই ভল্টৰ মুখ্য আকৰ্ষণ হৈছে চাৰিটা নিৰ্দিষ্ট মামি। যিসকলৰ কফিনত নাই কোনো দৰ্জা ।

ভল্টৰ ভিতৰ গলেই এই চাৰি মামি দেখা পোৱা যায়। ইয়াৰ এটা মামিক আনকি স্পৰ্শও কৰিব পাৰে। পৰ্যটকসকলে ভল্টত প্ৰৱেশ কৰিব পাৰে আৰু ৮০০ বছৰীয়া এই পুৰণি মামিটো স্পৰ্শ কৰিব পাৰে।১৮০৩ চনত হত্যা কৰা আইৰিছ বিদ্ৰোহী ৰবাৰ্ট এমেট, গণিতজ্ঞ উইলিয়াম ৰোৱায়াম হেমিল্টনকে ধৰি কে’বাটাও প্ৰভাৱশালী লোকৰ মামি আছে।

পূৰ্বে প্ৰতি সপ্তাহত শনিবাৰে আৰু বিশেষ দিনত গীৰ্জাৰ ভল্টবোৰ পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে খোলা আছিল। ভল্টটো শেষবাৰৰ বাবে ২০১৮ চনত পৰ্যটকসকলৰ বাবে খোলা হৈছিল। সেই বছৰ প্ৰায় ২৭,০০০ পৰ্যটক আহিছিল। ২০১৯ চনৰ আৰম্ভণিতে, ভল্টত দুস্কৃতিকাৰীয়ে অভিযান চলায় বহুতো মামি লুটি নিয়ে আৰু ভল্টৰ যথেষ্ট ক্ষতি হয়।

তেতিয়াৰ পৰাই ভল্টদুৱাৰটো পৰ্যটকসকলৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে। পৰৱৰ্তী সময়ত অনুসন্ধানকাৰীসকলে এটা তদন্ত কৰি লুটি নিয়া সকলো অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সেইসমূহ সংৰক্ষণ কৰি ৰখা হৈছে আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত । উল্লেখযোগ্য যে গীৰ্জাৰ ভল্টটো শেহতীয়াকৈ পৰ্যটকসকলৰ বাবে পুনৰ খোলা হৈছে।

Exit mobile version