চিৰাঙত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ। যুৱকজন পশ্চিম গেৰুকাবাৰীৰ আবু বক্কৰ ছিদ্দিকি।চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়াৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাতে লোটে ধৰিবলৈ সক্ষম হয়।
ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিজনী কাৱাটিকাৰ আন এজন যুৱকৰ ঘৰত আৰক্ষীয়ে তালাচী চলোৱাত যুৱক জনৰ বাসগৃহৰ পৰা ড্ৰাগছসহ উদ্ধাৰ কৰে বহু খালী ড্ৰাগছৰ কন্টেইনাৰ ।মুঠ ৫৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৪১টা লাইটাৰ, তিনিটা মোবাইল হেণ্ডছেট ,ড্ৰাগছ কঢ়িওৱা চাবন কেছ তিনিটা আৰু ৯৩ টা ড্ৰাগছৰ খালী কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া অনুসৰি ঘটনা সন্দৰ্ভত বিজনী থানাত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ২২(চি) অনুসৰি ৭৯/২০২১ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত চলাই।