এটা পুৰণি ঘৰ পুনৰনিৰ্মাণ কৰিব গৈ গুপ্ত ধনৰ সন্ধান লাভ

38933976 0 image a 3 1612551542563

নিজৰ কাৰ্যালয় বনাবলৈ গৈ এটা পুৰণি ঘৰ নিৰ্মাণ কাম চলাই থাকোতে গুপ্তধনৰ সন্ধান লাভ কৰিলে এজন উকীলে। ধূলি বালিৰে ভৰি থকা ঘৰটো মেৰামতি কৰিবলৈ ব্যাপক প্ৰয়োজন আছিল। উকীলজনে জানিছিল যে এই ঘৰটো পুনৰ নিৰ্মিত কৰিবলৈ বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব লাগিব।

কিন্তু বাস্তৱত ঘটনা হ’লগৈ ওলোটা ! ঘৰটো মেৰামতি কৰোঁতে ব্যক্তিজনে পালে এক লাখ ডলাৰ। ঘৰৰটোত পোৱা গৈছিল পুৰণি সামগ্ৰী আৰু সেই সামগ্ৰী নিলাম কৰি সেই টকাৰ মালিক হ’ল উকীলজন। অধিবক্তা ডেভিড জে হুইটকম্ব নামৰ ব্যক্তিজনে তেওঁৰ কাৰ্যালয় বনাবলৈ জেনেভাত এটা পুৰণি ঘৰ কিনিছিল।

সেই পুৰণি ঘটোতেই গুপ্ত ধনৰ সন্ধান পাইছিল ডেভিডে ।ঘৰটো কিনাৰ পিছত মেৰামতি কৰাৰ সময়ত হুইটকম্বই হঠাতে চিলিংত এখন গোপন দুৱাৰ দেখে আৰু তেওঁ দুৱাৰৰ ভিতৰত মূৰটো সুমুৱাই চাওঁতে ভিতৰত একাধিক ছবি দেখে। তাৰ পাছদিনা তেওঁৰ বন্ধুৰ স’তে গোপন কোঠাটোত প্ৰৱেশ কৰে।

ভিতৰলৈ গৈয়ে আচৰিত হয় দুয়ো । এই গোপন কোঠাটোত আছিল পুৰণিৰ মূল্যবান ছবিৰ এক সমাবেশ । এইটো প্ৰকৃততে চিত্ৰশিল্পী হ্যালৰ ছবিঘৰ আছিল। তেওঁ এই কোঠাটোত সকলো মূল্যৱান ছবি সংগ্ৰহ কৰি ৰাখিছিল। কিন্তু এই ছবিবোৰৰ যে কিমান মূল্য হ’ব পাৰে তাৰ বিষয়ে হুইটকম্বৰ কোনো ধাৰণা নাছিল।

তাৰ পিছত তেওঁ জেনেভা ঐতিহাসিক সমাজ বিশ্ববিদ্যালয়ৰ সভাপতি ড্যান উইনষ্টকৰ স’তে যোগাযোগ কৰে। তেওঁৰ বাবেই ছবিবোৰৰ বিষয়ে আৰু চিত্ৰশিল্পীগৰাকীৰ বিষয়ে বিতংভাৱে জানিছিল। তেওঁ কোঠাটোৰ পৰা উদ্ধাৰ কৰিছিল বহুতো ছবি, ফটো তোলাৰ সঁজুলি আদি।

সকলো ছবি ১৯ আৰু ২০ শতকৰ মাজৰে আছিল। চিত্ৰশিল্পীজনে ছবিবোৰ সোণৰ ডিজাইন কাট ফ্ৰেমত ৰাখিছিল। ছবিবোৰ মূল্যবান বুলি জনাৰ পিছতে যেন গুপ্তধনৰ সন্ধান বিচাৰি হুইটকম্বই । উৎফুল্লিত হৈ তেওঁ নিউয়ৰ্কৰ এটা নিলাম কোম্পানীৰ স’তে যোগাযোগ কৰে। কিছুমান ছবি তেওঁ নিজে সংগ্ৰহ কৰি ৰাখিছিল আৰু বাকীবোৰ নিলাম কৰিছিল। সকলো ছবি মিলাই মুঠ এক লাখ ডলাৰত বিক্ৰী কৰা হৈছিল।

Exit mobile version