ক’ৰনাৰ পাছত নতুন আতংক বিয়পালে : ৰাছিয়াত পক্ষীজুৰ আক্রান্ত সাত চিকিৎসাধীন

প্ৰথমবাৰলৈ মানৱ শৰীৰত সংক্রমণ বার্ড ফ্লু

Bird Flu 1

কৰ’না ভাইৰাছৰ পাছত এইবাৰ মানৱৰ মাজত নতুন আতংক বিয়পালে বার্ড ফ্লুৱে। এইচ-৫ এন-৮ নামৰে পৰিচিত এই পক্ষীজুৰ প্ৰথমবাৰৰ বাবে মানৱ দেহলৈ সংক্রমিত হ’ল। ৰাছিয়াৰ স্বাস্থ্য বিভাগে দাবী কৰা মতে, মানুহৰ শৰীৰত বার্ড ফুৰ ভাইৰাছ সংক্রমিত হৈছে।

এখন হাঁহ-কুকুৰাৰ ফার্মত কৰ্মৰত সাতজন কর্মীৰ শৰীৰত এইচ-৫ এন-৮ এভিয়ান ফ্লু ভাইৰাছৰ সংক্রমণ ধৰা পৰা বুলি ৰুছ স্বাস্থ্য বিভাগে দাবী কৰিছে। ইতিমধ্যে ৰাছিয়াৰ স্বাস্থ্য বিভাগে বিশ্ব স্বাস্থ্য সংস্থাক এই কথা অৱগত কৰিছে। ৰছপট্ৰিবনাডজৰ নামৰ এটা সংস্থাই উক্ত সাতজন আক্রান্তৰ স্বাস্থ্য নিৰীক্ষণত ৰাখিছে। উক্ত সংস্থাটোৰ মুৰব্বী আন্না পপ’ভাই জনােৱা মতে, এভিয়ান ইনফ্লুয়েঞ্জাত মুঠ সাতজন লােক আক্ৰান্ত হৈছে।

আটাইকেইজন আক্রান্ত ৰােগীক সম্প্রতি পৃথকে নিৰীক্ষণত ৰখা হৈছে। এই সাত ব্যক্তিৰ সংস্পৰ্শলৈ অহা আন কে’বাজনাে ব্যক্তিকে সম্প্রতি চিকিৎসকে নিৰীক্ষণত ৰাখিছে। আৰু প্ৰয়ােজনত তেওঁলােকক আছুতীয়াকৈ ৰখা হ’ব। উল্লেখ্য যে পক্ষীজুৰে প্রতি বছৰে পক্ষীকুলৰ মাজত দেখা দি আহিছে যদিও মানৱ শৰীৰত এই ভাইৰাছ বিয়পাৰ কোনাে প্রমাণ পূর্বে লাভ কৰা হােৱা নাছিল।

কিন্তু ৰাছিয়াৰ স্বাস্থ্য বিভাগে দাবী কৰা মতে, দেশখনত প্ৰথমবাৰৰ বাবে মানৱ শৰীৰত বার্ড সংক্রমণ ধৰা পেলােৱা হ’ল। বিশ্ব স্বাস্থ্য সংস্থাই পূর্বে কৈছিল যে এই ধৰণৰ ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ শৰীৰলৈ সংক্রমিত হােৱাৰ সম্ভাৱনা সীমিত। অৱশ্যে আক্রান্ত পক্ষীৰ সংস্পৰ্শলৈ আহিলে এজন ব্যক্তি এই ভাইৰাছত সংক্রমিত হ’ব পাৰে।

Exit mobile version