ভাৰতীয়সকলৰ বাবে ব্যয় হৈছে তিনি হেজাৰ কোটিৰ অধিক

আইপিএল ক্রিকেটাৰ ক্ৰয়ত বিনিয়ােগ ৬১৪৪০০০০০০০ টকা

949589 ipl

আগন্তুক চতুর্দশ ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ বাবে ক্রিকেটাৰৰ নিলাম সম্পন্ন হ’ল যােৱা ১৮ ফেব্ৰুৱাৰীত। এইবাৰৰ নিলামত খেলুৱৈ ক্রয়ৰ বাবে দলসমূহৰ মুঠ ব্যয় হয় ১৪৫ কোটি ৩০ লাখ টকা। ইয়াৰ ফলত আগৰ ১৩ বাৰকে ধৰি এইবাৰ পর্যন্ত মুঠ ১৪ বাৰৰ নিলামত ক্রিকেটাৰ ক্ৰয়ৰ বাবদ খৰচৰ অংকই মহেজাৰ কোটি টকা অতিক্রম কৰিলে।

এইবাৰৰ নিলামৰ অন্তত মুঠ খৰচ হ’লগৈ ৬১৪৪ কোটি টকা। এইবাৰ আঠটা ফ্রেঞ্চাইজিয়ে মুঠ ৫৭জন ক্রিকেটাৰ ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত আছে ২২জন বিদেশী খেলুৱৈ। সকলাে আইপিএল মিলাই এই পর্যন্ত মুঠ ৭৮৯জন ক্রিকেটাৰক ক্রয় কৰা হৈছে। ইয়াৰ ভিতৰত ৫৬.৭ শতাংশ ভাৰতীয় ক্রিকেটাৰ আছে।

স্বাভাৱিকভাৱেই এই ছহেজাৰ ১৪৪ কোটিৰ ভিতৰত অধিকাংশ ধনেই ভাৰতীয় খেলুৱৈক ক্ৰয় কৰাৰ বাবে দলসমূহে ব্যয় কৰিছে। এই তালিকাৰ পাছতে আছে অষ্ট্রেলিয়া ক্রিকেটাৰসকল। তৃতীয় স্থানত আছে দক্ষিণ আফ্রিকা। ১৪বাৰৰ আইপিএল নিলামত বিৰাট কোহলি, মহেন্দ্র সিং ধােনি, যুৱৰাজ সিং, ৰােহিত শর্মা আদিৰ বাবে ফ্রেঞ্চাইজি সমূহৰ ব্যয় হৈছে তিনি হেজাৰ ৪৩৩ কোটি টকা।

ভাৰতীয় ক্রিকেটাৰৰ বাবে ব্যয় হােৱা এই ধনৰ অংকটো সামগ্রিকভাৱে হােৱা ব্যয়ৰ ৫৬.৭ শতাংশ। অর্থাৎ বিশ্বৰ সকলাে দলৰ ক্রিকেটাৰৰ বাবে সন্মিলিতভাৱে ফ্রেঞ্চাইজিসমূহৰ যিমান টকা ব্যয় হৈছে, কেৱল ভাৰতীয়সকলৰ বাবে খৰচ হৈছে তাৰ অর্ধেকৰ বেছি। ভাৰতৰ পাছতে আছে অষ্ট্রেলিয়া ক্রিকেটাৰ। সকলাে আইপিএল মিলাই অষ্ট্রেলিয়াৰ মুঠ ৯৪জন ক্রিকেটাৰে টি-২০ লীগখনত খেলিছে।

ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্ণাৰ, পেট কামিন্স, ৰিকী পন্টিং আদি অষ্ট্রেলিয়াৰ তাৰকাসকলে বিভিন্ন দলৰ পৰা বিভিন্ন সময়ত মুঠ ৯০৫ কোটি ৯০ লাখ টকা লৈ গৈছে। দক্ষিণ আফ্রিকা ক্রিকেটাৰাে এই বিপুল অর্থ সম্বলিত লীগখনৰ পৰা যথেষ্ট লাভৱান হৈছে। এইবাৰৰ নিলামত অলৰাউণ্ডাৰ ক্ৰিছ মৰিচক ১৬ কোটি টকাত ক্রয় কৰিছে ৰাজস্থান ৰয়েলছে। সকলাে আইপিএল মিলাই মৰিচ, এ বি ডে ভিলিয়াছ, ফাফ ডু প্লেছি, কাছিগ’ ৰাবাডা আদিয়ে এই পর্যন্ত ৫৩৯ কোটি টকা আয় কৰিছে।

এই পর্যন্ত দক্ষিণ আফ্রিকাৰ ৫৬জন ক্রিকেটাৰে আইপিএলত খেলিছে। টেষ্ট আৰু এদিনীয়া মেচত ৱেষ্টইণ্ডিজৰ পূৰ্বৰ গৰিমা এতিয়া নাই। অৱশ্যে আইপিএলত কেৰিবিয়ান ক্রিকেটাৰৰ গুৰুত্ব আছে। কিয়নাে টি-২০ ক্রিকেটৰ বাবে কেৰিবিয়ান ক্রিকেটাৰৰ খেলৰ শৈলী অতি উপযােগী। এই পর্যন্ত ৩৩জন কেৰিবিয়ান ক্রিকেটাৰে আইপিএলত খেলিছে।

ক্রিছ গেইল, ডুৱেই ব্রেভ’, কেইৰ’ণ প’লার্ড, ছিমৰণ হিটমেয়াৰ আদিৰ মুঠ আয় ৪৫৮ কোটি ৫৪ লাখ টকা। কেৱল আইপিএলেই নহয়, অন্যান্য দেশৰ টি-২০ লীগতাে কেৰিবিয়ান ক্রিকেটাৰৰ চাহিদা বেছি। আইপিএলক কেন্দ্ৰ কৰি প্ৰথম অৱস্থাত ইংলণ্ড ক্রিকেট ব’র্ড আৰু ইংৰাজ ক্রিকেটাৰসকলৰ বিশেষ। নাছিল। কেভিন পিটাৰছেন, পল কলিংউড, অৱেইছ শ্বাহ আদি মুষ্টিমেয় কেইজনমান ইংলণ্ডৰ ক্রিকেটাৰেহে আইপিএলত খেলিছিল।

কিন্তু তেওঁলােকে বিপুল অর্থৰ লীগখনৰ প্রতি আগ্রহী হ’বলৈ ধৰাত তেওঁলােকৰাে চাহিদা বৃদ্ধি পাইছে। এই পর্যন্ত মুঠ ৩৩জন ইংৰাজ ক্রিকেটাৰে আইপিএল খেলিছে। এৱ ইন মর্গান, বেন স্টোকছু, জ’ছ বাটলাৰ, জ’ফ্রা আর্চাৰ, জনী বেয়াৰষ্ট’ আদি ইংলণ্ডৰ খেলুৱৈসকলে ইতিমধ্যেই আইপিএলৰ পৰা উপার্জন কৰিছে ২৮৫ কোটি ৯৬ লাখ টকা। এইবাৰৰ নিলামত নিউজিলেণ্ডৰ কাইল জেমিছনৰ দাম উঠে ১৫ কোটি টকা।

বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুকে অলৰাউণ্ডাৰজনক ক্রয় কৰে। এইবাৰ সৰ্বাধিক মূল্য লাভৰ তালিকাত তেওঁ দ্বিতীয় স্থান আছে। এই পর্যন্ত নিউজিলেণ্ডৰ মুঠ ৩১জন ক্রিকেটাৰে আইপিএল খেলিছে। ষ্টিফেন ফ্লেমিং, ব্ৰেণ্ডন মেককালাম, কেন উইলিয়ামছন, ডেনিয়েল ভেট্টৰী, ৰছ টেইলৰ, লুকি ফাগুছন আদি কিৱি ক্রিকেটাৰসকলৰ বাবে আইপিএলৰ ফ্রেঞ্চাইজিসমূহে ব্যয় কৰিছে মুঠ ২১১ কোটি ৬০ লাখ টকা।

আইপিএলৰ প্ৰথম অৱস্থাত শ্রীলংকাৰ খেলুৱৈৰ সংখ্যা আছিল বেছি; কিন্তু পাছলৈ শ্রীলংকাৰ খেলুৱৈৰ সংখ্যা হ্রাস পাবলৈ ধৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে পূৰ্বৰ তুলনাত শ্রীলংকাত এতিয়া প্রতিভাৱান ক্রিকেটাৰৰ সংখ্যা বহুলভাৱে কমিছে। এসময়ত কুমাৰ ছাংগাক্কাৰা, লাচিত মালিংগা, মাহেলা জয়বর্ধনে, চামিণ্ডা ভাছ, মুথিয়া মুৰুলিধৰণ, ৰংগনা হেৰাথ, এঞ্জেল’ মেথিউজ আদিয়ে আইপিএলতাে সমানে দক্ষতা দেখুৱাইছিল।

এই পর্যন্ত আইপিএলত অংশ লােৱা শ্রীলংকাৰ ক্রিকেটাৰৰ সংখ্যা হৈছে ২৭জন। তেওঁলােকৰ বাবে মুঠ খৰচ হৈছে ১৯৫ কোটি ৯৩ লাখ টকা। আফগানিস্তানৰ চাৰিজন ক্রিকেটাৰক এই পর্যন্ত আইপিএলত দেখা গৈছে। ইয়াৰ ভিতৰত সবাতােকৈ বেছি দৃষ্টি আকর্ষণ কৰিছে স্পীনাৰ ৰছিদ খানে। আফগান ক্রিকেটাৰৰ বাবে ব্যয় হৈছে এই পর্যন্ত ৫৮ কোটি ৪০ লাখ। বাংলাদেশৰ ছজন ক্রিকেটাৰে এই পর্যন্ত আইপিএলত খেলিছে।

ছকিব আল হাছান, মুস্তাফিজুৰ ৰহমান আদিৰ বাবে ফ্রেঞ্চাইজিসমূহৰ ব্যয় হৈছে ৩৮ কোটি ৭৮ লাখ টকা। প্রথম অৱস্থাত পাকিস্তানৰ খেলুৱৈয়ে আইপিএল খেলাৰ অনুমতি পাইছিল। ছােৱেইব মালিক, ছলমান বাট, আজহাৰ মাহমুদ,ছােৱেইব আখটাৰ আদিয়ে আইপিএলত খেলিছিল। কিন্তু ভাৰত আৰু পাকিস্তানৰ কূটনৈতিক সম্পর্ক একেবাৰে বেয়া হৈ পৰাত পাকিস্তানী ক্রিকেটাৰৰ আইপিএলৰ দ্বাৰ বন্ধ হৈ পৰে।

দেশখনৰ যি ১১জন ক্রিকেটাৰে আইপিএলত খেলিছিল, তেওঁলােকে ইয়াৰ পৰা মুঠ আয় কৰিছে ১২ কোটি ৮৪ টকা। নেদাৰলেণ্ডৰ দুজন আৰু জিম্বাব’ৱেৰ তিনিজন ক্রিকেটাৰেও আইপিএল খেলাৰ সুযােগ পাইছিল। নেদাৰলেণ্ডৰ দুজন খেলুৱৈয়ে পাঁচ কোটি ২৭ লাখ আৰু জিম্বাব’ৱেৰ তিনিজনে এক কোটি টকা উপার্জন কৰিবলৈ সক্ষম হয়। দেখা গৈছে যে ক্রিকেটাৰ ক্ৰয়ৰ ক্ষেত্ৰত বা পাৰিশ্রমিক দিয়াৰ ক্ষেত্ৰত ফ্রেঞ্চাইজিসমূহে বিশেষ কার্পণ্য নকৰে। যি গতিৰে আইপিএল আগুৱাই গৈছে, তাৰ ফলত ক্রিকেটাৰৰ বাবে বিনিয়ােগৰ অংকটোৱে অতি শীঘ্রই ১০ হেজাৰ কোটিৰ সীমা অতিক্রম কৰিব।

Exit mobile version