তিনিচুকীয়াত অব্যাহত আছে প্ৰাকৃতিক সম্পদৰ লুণ্ঠনৰ ৰমৰমীয়া ব্যৱসায়

আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা

20210223 184106

প্ৰাকৃতিক সম্পদেৰে চহকী তিনিচুকীয়া জিলাত দৈনিক একাংশ লোকে খাৰুৱা তেল, কণ্ডেনচেট, পেট্ৰল, ডিজেল, কয়লা, কাঠৰ লগতে বিভিন্ন প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি ৰমৰমীয়া চোৰাং বেহা অব্যাহত ৰাখিছে ৷ আৰক্ষী-প্ৰশাসনে ২৪ ঘণ্টাই নিৰাপত্তা তথা সুৰক্ষাৰ কাৰণে গিজগিজাই থকাৰ পাছতো সুৰুঙাৰ মাজেৰে চুৰাং ব্যৱসায়ীসকলে দৈনিক সৰবৰাহ কৰা সম্পদসমূহৰ জৰিয়তে চৰকাৰে হেৰুৱাবলগীয়া হৈছে ৰাজহৰ মোটা ধন ৷

চলিত বৰ্ষৰ দুটা মাহত ইতিমধ্যে জিলাখনত খাৰুৱা তেল, কণ্ডেনচেট, ডিজেলৰ লগতে কাঠৰ চুৰাং বাহন জব্দ কৰা নতুবা অইল নিৰাপত্তাৰক্ষীয়ে ঘাটি উৎখাত কৰা কে’বাটাও ঘটনাই জিলাখনত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

১৬ ফেব্ৰুৱাৰীত মাকুমৰ সমীপৰ গড়বস্তিৰ ভোলা শ্বাহ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ক্ৰুড অইল উদ্ধাৰ কৰিছিল, ২১ ফেব্ৰুৱাৰীৰ নিশা লংছোৱাল বাগানৰ ভিতৰেৰে পাৰ হোৱা অইলৰ পাইপ কাটি টেংকাৰত তেল ভৰ্ত্তি কৰি থকাৰ অৱস্থাতে অইলৰ নিৰাপত্তাৰক্ষীয়ে এনএল০২এল২৪৭৮ নম্বৰৰ ১০ চকাৰ টেংকাৰ জব্দ কৰিছিল আৰু আজি পুৱা প্ৰায় ৬.৩০ মিনিটত পানীতোলাৰ মাটিয়াখানাৰ ৰাজপথত সন্দেহজনকভাৱে কণ্ডেনচেট কঢ়িয়াই অনা এখন মাৰুতী ভান হঠাৎ অগ্নিদগ্ধ হৈ ভস্মীভূত হয় ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি চোৰাং কণ্ডেনচেট কঢ়িয়াই অনা হৈছিল মাৰুতি ভানখনত আৰু চলন্ত অৱস্থাতে হঠাৎ জুই লেনিহান শিখাই আগুৰি ধৰে বাহনখনক ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে গাড়ীখনত থকা চোৰাং তেল ব্যৱসায়ী কেইজন প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে । উক্ত ঘটনাকলৈ সম্প্ৰতি সমগ্ৰ মাটিয়াখানা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

সন্ধিয়া স্থানীয় সচেতন লোকে বৰডুবি আৰক্ষী থানাত বৰডুবি থানাৰ অন্তৰ্গত তিনিজনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে স্থানীয় নেতা খগেন হাজৰিকাই ৷

উল্লেখনীয় যে, জিলাখনৰ সদৰ থানাৰ লগতে বিভিন্ন থানাত এই চুৰাং সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে অযশ্ৰ এজাহাৰ দাখিল হৈ আছে, কিন্তু আৰক্ষী-প্ৰশাসনে এইপৰ্য্যন্ত এজনো চুৰাং সৰবৰাহ কৰা মূল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰকৃততে জৰিত মূল ব্যক্তিক তদন্ত কৰি আটক কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version