মানৱ দেহত বার্ড ফ্লুৰ সংক্ৰমণৰ ৰাছিয়াৰ স্বাস্থ্য বিভাগৰ দাবীক অস্বীকাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ

115809207 pa 43805293

ৰাছিয়াৰ স্বাস্থ্য বিভাগে দেশখনত মানৱ দেহত প্রথম বার্ড ফ্লু অর্থাৎ পক্ষীজুৰৰ সংক্রমণ হােৱা বুলি কৰা দাবীক অস্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। ৰুছ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি দেশখনৰ দক্ষিণাঞ্চলত হাঁহ-কুকুৰাৰ ফার্মত কৰ্মৰত সাতজন কর্মীৰ শৰীৰত এইচ-৫ এন-৮ৰ সংক্ৰমণ ধৰা পৰিছিল।

ৰুছ চিকিৎসকে লগতে দাবী কৰি কৈছিল যে এয়ে প্ৰথমবাৰৰ বাবে মানৱ শৰীৰত পক্ষীৰৰ সংক্রমণ হ’ল। কিন্তু ৰাছিয়াৰ এই দাবীক এতিয়ালৈকে গ্রহণ। কৰা নাই হুৱে। হুৰ এজন মুখপাত্রই সোমাবাৰে সংবাদ মাধ্যমৰ আগত কয়, “এই সন্দৰ্ভত নিশ্চিত হােৱাৰ পাছতহে মানৱ দেহত প্ৰকৃততে এইচ-৫ এন-৮ৰ সংক্রমণ ঘটাৰ কথা গ্রহণযােগ্য হ’ব। এতিয়ালৈকে পক্ষীৰ মানৱ দেহলৈ সংক্রমিত হােৱাৰ কোনাে নিশ্চিত তথ্য লাভ কৰা হােৱা নাই।

Exit mobile version