নগাঁও জিলাৰ পুৰণিগুদামৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বিশ্বৰ সৰ্ববৃহৎ ১২৬ ফুট উচ্চতাৰ মহা মৃত্যুঞ্জই মন্দিৰত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ । বিশেষকৈ সহান তাপস আচাৰ্য ভৃগুগিৰি মহাৰাজৰ প্ৰচেষ্টাত ২০০৩ ৰ পৰা আৰম্ভ হৈছিল মন্দিৰ নিৰ্মাণৰ কাম। সেই বৰ্ষত ভৃগুগিৰি মহাৰাজে তেওঁৰ তপস্যাৰ ফলত এই স্থান নিৰ্বাচন কৰিছিল ।
বিশেষকৈ দৈত্য গুৰু শুক্ৰাচাৰ্যই মন্দিৰ নিৰ্মাণ হোৱা স্থানত বহু বছৰ পূৰ্বে যজ্ঞ কৰিছিল। সেই শিৱলিংগ মন্দিৰ নিৰ্মাণ হোৱা স্থানৰ তলতে আছে । এই শিৱলিংগৰ কিছু অংশ মন্দিৰ নিৰ্মাণৰ সময়ত শ্ৰমিকে কৰা পাইলিঙত ক্ষুদ্ৰ অংশ কাটি ওপৰলৈ উঠি আহিছিল ।
যাৰ বাবে মন্দিৰ নিৰ্মাণ কৰাৰ সময়ত পৌৰাণিক শিৱলিংগৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা যায় । সেই পৌৰাণিক শিৱলিংগৰ লগত বৰ্তমান মন্দিৰত স্থাপন হ’বলগীয়া শিৱলিংগ মন্ত্ৰৰ জৰিয়তে একত্ৰিত কৰি সম্পূৰ্ণ বৈদিক নিয়মেৰে মন্দিৰটো প্ৰতিষ্ঠা কৰা হ’ব । এই কথা আজি এক সংবাদমেল যোগে অৱগত কৰে সুদুৰ কেৰালাৰ পৰা আহি মন্দিৰ প্ৰতিষ্ঠাৰ বাবে ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত উপস্থিত হোৱা ভাৰতৰ বিশিষ্ট বৈদিক তামিল পণ্ডিত বিষ্ণু প্ৰসাদে ।
২৫০ গৰাকী তামিল পণ্ডিত লগত লৈ মন্দিৰ প্ৰতিষ্ঠাৰ বাবে নৰসিংহ ক্ষেত্ৰত উপস্থিত হোৱা বিশিষ্ট পণ্ডিত গৰাকীয়ে সাংবাদিকক সংবোধন কৰি কয় যে, এই শিৱলিংগ আকৃতিৰ বৃহৎ মৃত্যুঞ্জই মন্দিৰ ভাৰত বৰ্ষতে নহয় সমগ্ৰ পৃথিৱীতে নাই। শিৱলিংগ আকৃতিৰ মৃত্যুঞ্জই মন্দিৰ মধ্যপ্ৰদেশত এটা আছে যদিও বহুত সৰু ।
এই বৃহৎ মন্দিৰ প্ৰতিষ্ঠাত জড়িত হৈ তেওঁ অতি সৌভাগ্যবান বুলি উল্লেখ কৰি কয় যে, এই স্থানত তেওঁৰ যি অনুভূতি হৈছে সেয়া ভাৰতৰ ক’তো হোৱা নাছিল । ভাৰতবৰ্ষৰ বহুকেইটা মন্দিৰ প্ৰতিষ্ঠাৰ লগত জড়িত থকা বিশিষ্ট তামিল পণ্ডিতগৰাকীয়ে এই ভূমি সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি যজ্ঞ কেইদিনত ৰাইজক ভক্তিভাৱে উপস্থিত হৈ পূণ্য অৰ্জন কৰিবলৈ আহ্বান জনায় ।
বৰ্তমান সময়ত মন্দিৰ প্ৰাংগণত চাৰিবেদ পাঠ চলি থকাৰ লগতে পুৰোহিতৰ বিভিন্ন পূজাৰ মন্ত্ৰ ধ্বনিত বৈকুন্ঠ পুৰিলৈ ৰূপান্তৰ হোৱা নৰসিংহ ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সংবাদ মেলত উদযাপন সমিতিৰ প্ৰধান সম্পাদক জিতু গোস্বামী উপস্থিত থাকি কয় যে, মহান তাপস আচাৰ্য ভৃগুগিৰি মহাৰাজে যি সপোন দেখিছিল সেই সপোন আজি বাস্তৱত ৰূপ দিব পাৰি আমি আনন্দিত হৈছো । মহান তাপস আচাৰ্য ভৃগুগিৰি মহাৰাজে ২০০৩তে এনে এটা মন্দিৰৰ সপোন দেখিছিল । সেই সপোন আজি বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত যিসকল লোকে সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোক ধন্যবাদৰ পাত্ৰ বুলি উল্লেখ কৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত সকলো ৰাইজৰ উপস্থিতি কামনা কৰে।
এই বৃহৎ মন্দিৰ দৰ্শন কৰিবৰ বাবে অহা ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি মন্দিৰ প্ৰাংগণত উপস্থিত হ’ব ।গৃহমন্ত্ৰীৰ আগমনক লৈ মন্দিৰ কৰ্তৃপক্ষ উৎফুল্লিত বুলি উল্লেখ কৰি উদযাপন সমিতিৰ সভাপতি তথা স্বাস্থ্য, শিক্ষা, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ ৰক্ষা কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি বহু ভি ভি আই পিৰ আগমন হ’ব বুলি জানিবলৈ দিয়ে ।
উল্লেখ যে মন্দিৰৰ কাষতে ১০৮ কুণ্ডৰ যজ্ঞ সম্পূৰ্ণ কৰাৰ বাবে বিশাল মণ্ডপ নিৰ্মাণ কৰা হৈছে । এই মণ্ডপত ১০৮ টা যজ্ঞ কুণ্ড বনোৱাৰ লগতে সেই কুণ্ডত যজমান পুৰোহিত বহি সুকলমে যজ্ঞ কৰিব পৰাৰ সকলো সু-ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইফালে মন্দিৰ প্ৰাংগণত সন্ধ্যিয়া আহি উপস্থিত হয়হি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ সভাপতি মন্ত্ৰী ড° শৰ্মা। ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱক লগত লৈ মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত মন্দিৰ প্ৰাংগণত উপস্থিত হ’বলগা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমণক লৈ প্ৰশাসনৰ বিষয়ববীয়া আৰু পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হয়।






























