চৰকাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বেচৰকাৰী বেংকৰ অংশগ্ৰহণত অনুমোদন পত্ৰ প্ৰদান

Nirmala SItharaman press conference 770x433 1

চৰকাৰী প্ৰকল্প আৰু ব্যৱসায় ক্ষেত্ৰত আৰ্থিক সহযোগী হিচাপে বেচৰকাৰী বেংকবোৰক অন্তৰ্ভুক্ত কৰিব বিচাৰে কেন্দ্ৰই । আজি এই বিষয়ত চৰকাৰী অনুমোদন পত্ৰ প্ৰদান কৰাৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

আজি বিত্তমন্ত্ৰী সীতাৰমণে চৰকাৰী সিদ্ধান্তৰ বিষয়ে জনায় টুইট কৰে, ‘চৰকাৰী ক্ষেত্ৰত অনুমোদনৰ বিষয়ত বেচৰকাৰী বেংকবোৰৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । এতিয়াৰ পৰা সকলো বেংকেই অংশগ্ৰহণ কৰিব পাৰিব । দেশৰ অৰ্থনীতি আৰু ‌সামাজিক ক্ষেত্ৰৰ উন্নয়ন আৰু গ্ৰাহক পৰিসেৱাত বেচৰকাৰী বেংকবোৰে এতিয়াৰ পৰা সম-অংশীদাৰ হ’ব পাৰিব ।’

কেন্দ্ৰৰ নতুন সিদ্ধান্তৰ ফলত ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প, কৰ অন্যান্য ৰাজহ সংক্ৰান্ত বিষয়, পেঞ্চন প্ৰকল্পসহ নানা চৰকাৰী ব্যৱসায়িক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব বেচৰকাৰী বেংকবোৰে । এই ক্ষেত্ৰত গ্ৰাহক পৰিসেৱাৰ মানৰ উন্নতি হ’ব বুলি মত প্ৰকাশ কৰে বহু বিপনী বিশেষজ্ঞই ।

বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই বজাৰ সূচক ছেনছেক্স আৰু নিফটী ঊৰ্ধগামী হয় ।

Exit mobile version