নুছৰতক বিবাহ বিচ্ছেদৰ জাননী নিখিলৰ, ভুৱা খবৰ বুলি ক’লে সাংসদে

15714037675da9b7f76a504

বাংলা ছবিৰ জনপ্রিয় অভিনেত্রী তথা তৃণমূল কংগ্রেছৰ সাংসদ নুছৰত জাহানৰ বৈবাহিক জীৱনত সংঘাত সৃষ্টি হােৱাৰ বাতৰি শেহতীয়াভাৱে একাংশ সংবাদ মাধ্যমত চর্চিত হােৱাৰ সময়তে নুছৰতলৈ স্বামী নিখিল জৈনে বিবাহ বিচ্ছেদৰ দাবীৰে আইনী জাননী প্ৰেৰণ কৰাৰ খবৰ প্রচাৰিত হ’ল।

যােৱা অক্টোবৰৰ পাছৰে পৰা নিখিলৰ ইনষ্টাগ্রাম প্রফাইলত নুছৰতৰ স’তে তেওঁৰ কোনাে ফটো প্রত্যক্ষ হােৱা নাই। নুছৰতৰ ছ’চিয়েল মিডিয়াৰ প্রফাইলতাে স্বামীৰ কোনাে ফটো অনুৰাগীয়ে প্রত্যক্ষ কৰা নাই। শেহতীয়াভাৱে বাংলা অভিনেতা যশ দাসগুপ্তৰ স’তে নুছৰতৰ প্রেমজনিত সম্পর্ক গঢ় লােৱাৰ এক গুঞ্জনাে সংবাদ মাধ্যমত প্রচাৰিত হৈছে।

শেহতীয়াভাৱে বাংলা সংবাদ মাধ্যমত প্রকাশ পােৱা বাতৰি অনুসৰি নিখিলে ইতিমধ্যে অধিবক্তাৰ জৰিয়তে নুছৰতলৈ বিবাহ বিচ্ছেদ জাননী প্ৰেৰণ কৰিছে। কিন্তু সংবাদ মাধ্যমত প্ৰচাৰিত এই বাতৰিক ভুৱা আখ্যা দিলে নুছৰতে। দাম্পত্য জীৱনত সমস্যা থকাৰ কথা স্বীকাৰ কৰি অভিনেত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সম্পর্কত সমস্যা থাকিলেও তাৰ সমাধানৰ চেষ্টা অব্যাহত আছে।

অভিনেতা যশৰ স’তে অবৈধ সম্পর্ক সন্দৰ্ভত অভিনেত্রী-সাংসদগৰাকীয়ে কয় যে যশৰ স’তে তেওঁৰ পূর্বেও দুখন ছবিত অভিনয় কৰিছিল আৰু সেই সময়ত তেওঁ অবিবাহিত আছিল, প্ৰেমৰ সম্পর্ক গঢ়িব বিচৰা হ’লে তেতিয়াই সেয়া হ’লহেঁতেন।

Exit mobile version