পৰিৱৰ্তন কৰা হ’ল ম’টেৰা ষ্টেডিয়ামৰ নাম

1612783236 motera stadium1

সলনি হ’ল ম’টেৰা ছৰ্ডাৰ পেটেল ষ্টেডিয়ামৰ নাম । ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী বল্লভভাই পেটেলৰ নামেত ১৯৮৩ত গুজৰাটৰ আহমেদাবাদত এই ষ্টেডিয়াম নিৰ্মাণ কৰা হয় । ইয়াৰ পূৰ্বে ষ্টেডিয়ামখনৰ নাম আছিল গুজৰাট ষ্টেডিয়াম । আজি সেই ষ্টেডিয়ামৰ নাম পৰিৱৰ্তন কৰি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নামেৰে নামাকৰণ কৰা হয় । এই ষ্টেডিয়ামখনৰ কাষতে আন এখন ক্ৰীড়াক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব । সেইখনৰ নাম ৰখা হৈছে ছৰ্ডাৰ বল্লভভাই পেটেলে ক্ৰীড়াক্ষেত্ৰ ।

আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ উদ্বোধন কৰে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে । ইয়াৰ পাছতেই ষ্টেডিয়ামখনত প্ৰথমখন আন্তৰ্জাতিক মেচ আৰম্ভ হয়, ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় টেষ্ট । ষ্টেডিয়ামখনৰ সূচনা লগ্নত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজিজু, গুজৰাটৰ ৰাজ্যপাল দেৱব্ৰত, উপ-মুখ্যমন্ত্ৰী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহ ।

গৃহমন্ত্ৰী শ্বাহে ষ্টেডিয়ামৰ সূচনা অনুষ্ঠানত জনায় যে, ছৰ্ডাৰ বল্লভভাই পেটেলে ক্ৰীড়াক্ষেত্ৰ আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ স’তে আহমেদাবাদৰ নাৰাণপুৰাত এখন ক্ৰীড়াঙ্গন নিৰ্মাণ হ’ব । তেওঁ কয়, ‘এই তিনিখন স্থান লগ লগাই যি কোনো আন্তৰ্জাতিক খেল আয়োজন কৰিব পৰা যায় । অলিম্পিকো হ’ব পাৰে । আহমেদাবাদ ভাৰতৰ ক্ৰীড়া চহৰ হিচাপে পৰিচিত হ’ব ।’

ইফালে, পেটেলৰ নামৰ সলনি নতুন ষ্টেডিয়াম মোদীৰ নামত ৰখাৰ বাবে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে । কিন্তু বিজেপিৰ স্পষ্ট যুক্তি কোনো নাম পৰিৱৰ্তন হোৱা নাই । পেটেলৰ নামতেই আছে সমগ্ৰ ক্ৰীড়াক্ষেত্ৰ । তাৰেই অংগ এই ষ্টেডিয়াম । নতুন ষ্টেডিয়ামত একেলগে এক লাখ ১০ হেজাৰ দৰ্শকে খেল পৰ্যৱেক্ষণ কৰিব পাৰিব ।

Exit mobile version