বাগসাৰ শিমলাত এছ এছ বিৰ বেটী বচাও বেটী পঢ়াও কাৰ্যসূচী ৰূপায়ণ

WhatsApp Image 2021 02 24 at 8.39.28 PM

বাগসা জিলাৰ শালবাৰীৰ শিমলাত আজি এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ন ই-কোম্পানীৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত “বেটী বচাও বেটী পঢ়াও” কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰত চৰকাৰৰ গৃহমন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে আজি এছ এছ বি-য়ে “বেটী বচাও বেটী পঢ়াও” কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰি এছ এছ বিৰ লক্ষীবজাৰ কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়া উমা শংকৰ পাটেলে কয়, “প্ৰতি মাহে এছ এছ বিয়ে এক শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

একেদৰে আজিৰ এই বেটী বচাও বেটী পঢ়াও কাৰ্যসূচীৰ জৰিয়তে সমাজৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে ল’ৰা বা ছোৱালী দুয়ো সমান৷ সেয়েহে ল’ৰাৰ সমান মৰ্যাদাৰে ছোৱালীসকলকো শিক্ষা প্ৰদান কৰি উপযুক্ত কৰি গঢ়ি তুলিব লাগে ৷”

বিদ্যালয়ৰ ছাত্ৰীসকলৰ সহিতে অনুষ্ঠানত এছ এছ বিৰ পৰিদৰ্শক কে চি মজুমদাৰ, কাঞ্চন দেব, ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিক্ৰম কলিতাকে ধৰি কেবাগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু এছ এছ বি ৰ বিষয়া, জোৱানসকলে অংশগ্রহণ কৰে৷

Exit mobile version