মানাহৰ ফাতেমাবাদ চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2021 02 24 at 8.39.27 PM

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাগসাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত বাগিচাৰ শ্ৰমিকসকলে আজি পুৱাই এক উত্তাল প্ৰতিবাদেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰে৷ পুৱা নিজৰ কামলৈ বুলি ওলাই অহাৰ সময়তে ফাতেমাবাদ চাহ বাগিচাৰ প্ৰায় দুই শতাধিক চাহ শ্ৰমিকে  বাগিচাখনৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চাহ শ্ৰমিকসকলৰ চাহ শ্ৰমিকৰ দিন হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰক, আমাৰ দাবী ন্যায্য দাবী, এচিএমএছ জিন্দাবাদ, পবন সিং ঘাটোৱাৰ জিন্দাবাদ, ৰূপেশ গোৱালা জিন্দাবাদ, বাগান কমিটি জিন্দাবাদ আদি শ্নোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বিভিন্ন দাবীৰ সমৰ্থনত সমগ্ৰ ৰাজ্যজুৰি চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বাগসাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিচাতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

Exit mobile version