কাৰ্বি পাহাৰত প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ

সম্বোধন কৰিলে এক বিশাল গণসভাক

কাৰ্বি পাহাৰৰ ডেনগাঁৱৰ নোৰাক আক্লামত অনুস্থিত সভাত গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত কয় যে, কংগ্ৰেছৰ আমোলত হত্যা হিংসা আৰু ৰক্তৰে ৰঞ্জিত হৈ আছিল কাৰ্বি আংলং। বিজেপিৰ আমোলত পাহাৰত শান্তি আৰু বিকাশ সম্ভৱ হৈছে। নিবনুৱা সমস্যা সমাধান হৈছে৷ উগ্ৰপন্থীসকলো হিংসাৰ পথ পৰিহাৰ কৰি মুলসুতিলৈ ঘুৰি আহিছে৷ বন্দুকৰ নলীৰ আগেৰে প্ৰগতি নাহে।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশত গৃহমন্ত্ৰীয়ে যি অধিকাৰ পাব, অস্ত্ৰ ত্যাগ কৰা এইসকল যুৱকেও সমমৰ্যাদা পাব। শীঘ্ৰেই তেওঁলোকৰ দাবী সমাধান কৰা হ’ব বুলিও প্ৰকাশ কৰে৷ ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে বানপানী সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত বিজেপিৰ আমোলতে পাহাৰলৈ শান্তি আৰু উন্নয়নৰ বাতাবৰণ ঘূৰি আহিছে বুলি কয়। পাহাৰ ভৈয়ামৰ সম্পৰ্ক কটকটীয়া হৈছে৷ অলপতে জিলাখনৰ পাঁচটাকৈ বিদ্ৰোহী সংগঠনৰ ১০৪০গৰাকী সশস্ত্ৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰাটো জিলাখনৰ বাবে শুভ লক্ষণ।

বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অস্ত্ৰ সম্বৰণ কৰা বিদ্ৰোহী সংগঠনসমূহৰ স’তে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে আলোচনা অব্যাহত আছে বুলি কয়।আদৰণি ভাষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গৃহমন্ত্ৰী শ্বাহৰ সমুখত স্বায়ত্তশাসিত ৰাজ্য দাবী প্ৰসংগ উত্থাপন কৰে।

গৃহমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পৰা বিৰত থাকি কেৱল কয় যে, ৰাইজে কৰা দাবীতকৈয়ো অধিক উন্নয়ন সম্পন্ন কৰা হ’ব।

Exit mobile version