সংবাদ পৰিৱেশনৰ বাবে ব্যয় বহন কৰিব লাগিব গুগল-ফেচবুকে

ঐতিহাসিক আইন পাছ অষ্ট্ৰেলিয়াত

1613663195310 ott now am facebook byers 210218 1920x1080.focal 760x428 1

স্থানীয় সংবাদ পৰিৱেশনৰ বাবে গুগল-ফেচবুকৰ দৰে বহুজাতিক সংস্থাবোৰৰ সংবাদ প্ৰকাশকে অৰ্থ ব্যয় কৰিব লাগিব । দেশৰ গণমাধ্যম সংক্ৰান্ত এক ঐতিহাসিক আইনত এই নীতি জাৰি কৰিলে অষ্ট্ৰেলিয়াই । বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ সংসদত এই আইন পাছ কৰা হয় ‌।

অষ্ট্ৰেলিয়াৰ সংসদত এই আইনৰ প্ৰস্তাৱনাৰ আৰম্ভণিৰ পৰাই অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল গুগল-ফেচবুকৰ দৰে বহুজাতিক সংস্থাবোৰে । যোৱা বৃহস্পতিবাৰৰ পৰা অষ্ট্ৰেলিয়াত স্থানীয় সংবাদ পৰিৱেশনো বন্ধ কৰি দিছিল ফেচবুকে । এই প্ৰস্তাৱিত বিলৰ বিৰুদ্ধেই যে তেওঁলোকৰ এই পদক্ষেপ, সেয়াও জনাই দিয়া হৈছিল সংস্থাৰ ফালৰ পৰা । কিন্তু মংগলবাৰৰ পৰা এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ফেচবুকে ।

নতুন আইনক লৈ আৰম্ভণিৰ পৰাই সৰৱ হৈছিল গুগলো । কিন্তু বহুজাতিকসকলৰ বিৰোধিতা স্বত্তেও বৃহস্পতিবাৰে অতি সহজেই আইন পাছ হয় সংসদত । বিশ্বজুৰি এটা দৃষ্টান্ত স্থাপন কৰিলে অষ্ট্ৰেলিয়াৰ স্কট মৰিছন চৰকাৰে ।

অষ্ট্ৰেলিয়াৰ নতুন আইনৰ ফলত গুগল-ফেচবুকৰ দৰে সংস্থাবোৰে নিজৰ ৱেবচাইটত স্থানীয় সংবাদ পৰিৱেশনৰ বাবে লক্ষ লক্ষ ডলাৰ ব্যয় কৰিব লাগিব । অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থাৰ দাবী, নিজৰ পেজত স্থানীয় সংবাদ পৰিৱেশন কৰি তেওঁলোকে অনলাইন বিজ্ঞাপনৰ বাবদ লক্ষ লক্ষ অৰ্থ আয় কৰিলেও সেই লাভ্যাংশ নাপায় দেশৰ প্ৰকাশকসকলে । বিজ্ঞাপনৰ পৰা অষ্ট্ৰেলিয়াৰ সংবাদ প্ৰকাশকসকলৰ আয় হ্ৰাস পাইছে । অৰ্থাৎ, প্ৰকৃততে যিয়ে এই সংবাদ প্ৰকাশ কৰিছে, তেওঁলোকে সেই সংবাদৰ পৰা অৰ্থ লাভ কৰা নাই । কিন্তু সেই সংবাদ নেট মাধ্যমত ফেচবুক বা গুগলে আপল’ড কৰি লাভ কৰিছে ।

এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবৰ বাবেই নতুন আইন জাৰি কৰা হৈছে বুলি দাবী কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে । মৰিছন চৰকাৰ ঘনিষ্ঠ সংবাদ মাধ্যম তথা ৰুপাৰ্ড মাৰ্ডক সাম্ৰাজ্যক সুযোগ দিবৰ বাবে এই আইন প্ৰণয়ন কৰিছে বুলি দাবী কৰে সমালোচকসকলৰ একাংশই ।

নতুন আইন পাছ কৰাৰ পাছত ইয়াক ৰোধ কৰিবৰ বাবে দুমাহ সময় আছে সংস্থাবোৰৰ । ইতিমধ্যে এই আইনৰ প্ৰতিবাদত স্থানীয় সংস্থাবোৰৰ স’তে নিজৰ চুক্তি স্থগিত ৰাখিছে গুগলে । ইয়াৰ ভিতৰত আছে ৰুপাৰ্ড মাৰ্ডকৰ সংস্থা নিউজ কৰ্প’ৰেছন আৰু নাইন এণ্টাৰটেইনমেণ্ট ।

Exit mobile version