‘টোল প্লাজা’ত যানজট হ’লে ভৰিব নালাগিব কৰঃ অচিৰে প্রযােজ্য হ’ব নিয়ম

Roha toll gate

দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথত থকা সকলাে ‘টোল প্লাজা’ত ইতিমধ্যে ফাষ্টটেগ’ লেন তৈয়াৰ কৰা হ’ল। চৰকাৰে সকলাে বাহনৰ ক্ষেত্ৰত ফাষ্টটেগ’ৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে।

টোল প্লাজা’ত যাতে যানজট সৃষ্টি হ’ব নােৱাৰে আৰু চলাচল কৰা যানবাহনে অনলাইনৰ জৰিয়তে অতি সহজে কৰ আদায় দিব পাৰে, সেই উদ্দেশ্যৰে ফাষ্টটেগ’ৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। কিন্তু ফাষ্টটেগ’ৰ ব্যৱহাৰৰ পাছতাে দেশৰ বহু অঞ্চলত থকা ‘টোল প্লাজা’ত যানজট সমস্যাই দেখা দিছে।

এই সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে এক বিশেষ পৰিকল্পনা যুগুত কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি সকলাে ‘টোল প্লাজাত এক বিশেষ ৰঙৰ ৰেখাংকন কৰা হ’ব আৰু যদি কোনাে টোল প্লাজাত যানজট সৃষ্টি হয়, তেতিয়া টোলগেট খুলি দি সকলাে বাহনক কৰ আদায় নিদিয়াকৈ দ্রুতবেগৰে পাৰ হৈ যাবলৈ অনুমতি দিয়া হ’ব।

অর্থাৎ টোলগেটত ভয়াৱহ যানজঁটে দেখা দিলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে টোলগেট মুকলি কৰি দিয়া হ’ব আৰু এনে পৰিস্থিতিত চলাচল কৰা যানবাহনে কৰ আদায় নিদিয়াকৈ টোলগেট অতিক্ৰম কৰিব পাৰিব। এই সন্দৰ্ভত এন এইচ এ আইৰ শীর্ষ বিষয়াসকলে আলােচনা অব্যাহত ৰাখিছে আৰু অচিৰে টোল প্লাজাত যানজট নিয়ন্ত্ৰণৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Exit mobile version