প্ৰতিবেশীৰ হৃদপিণ্ড আলুৰ স’তে ৰান্ধি খুৱালে পৰিয়ালৰ লোকক

138897 xzzlszrwux 1585139103

আমেৰিকাৰ অকলাহ’মাৰ এজন লোকে এগৰাকী মহিলাৰ হত্যা কৰি তেওঁৰ হৃদপিণ্ড কাটি আলুৰ স’তে ৰান্ধি খুৱাই দুজন লোকক । খাবলৈ দিয়াৰ পাছত তেওঁলোকৰো হত্যা কৰে লোকজনে । তিনিজনকৈ লোকৰ হত্যাৰ অভিযুক্ত লোকজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি জনোৱা হৈছে আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত ।

প্ৰতিবেদন অনুসৰি, অভিযুক্ত লোকজনৰ নাম লৰেন্স পল এণ্ডাৰছন । তদন্তকাৰীসকলে মংগলবাৰে গ্ৰাডি কাউণ্টি ন্যায়ালয়ত জনায় যে, এগৰাকী প্ৰতিবেশী মহিলাক চোৱা ‌অস্ত্ৰৰে হত্যা কৰিছে লৰেন্সে । ইয়াৰ পাছত তেওঁৰ দেহৰ পৰা হৃদপিণ্ড ওলিয়াই নিজৰ খুড়াৰ গৃহত লৈ আহে ।

সেই হৃদপিণ্ড আলুৰ স’তে ৰান্ধি খুড়া, আৰু খুড়িক খাবলৈ দিয়ে । ইয়াৰ পাছত তেওঁ খুড়া আৰু খুড়াৰ চাৰি বছৰীয়া নাতিনীৰ হত্যা কৰে । খুড়িও তেওঁৰ আক্ৰমণৰ ফলত গুৰুত্বৰ আহত হয় । ন ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হয় বুলি জনায় তদন্তকাৰীসকলে ।

তদন্তকাৰীসকলে ন্যায়ালয়ত জনায় যে, ‘পৰিয়ালৰ পৰা দানৱ খেদিবৰ’ বাবে লৰেন্সে এই কান্দ কৰিছিল । মংগলবাৰে ন্যায়ালয়ত নিজৰ দোষ স্বীকাৰ ‌কৰে অভিযুক্ত লোকজনে । দীৰ্ঘদিন ধৰি লৰেন্স অপৰাধৰ স’তে জড়িত । বিভিন্ন কাৰণত ৰঙা ঘৰৰ আলহিও হৈছে তেওঁ ।

২০১৭ ত মাদক দ্ৰব্য সংক্ৰান্ত অপৰাধত ধৰা পৰিছিল । তেতিয়াৰ পৰা তেওঁ কাৰাগাৰতেই আছিল । কাৰাগাৰৰ পৰা ওলাইয়ে তিনিজন লোকৰ হত্যা কৰে ।

Exit mobile version