জাতিবিদ্বেষৰ বলি দক্ষিণ কোৰিয়াৰ বেণ্ড !

জাৰ্মান ৰেডিঅ'ৰ বিৰুদ্ধে আৰ্মি

BTSWORLD AS FeaturingAppsGames

‘বিটিএছ’ দক্ষিণ কোৰিয়াৰ প্ৰখ্যাত সংগীত দল । সাতজন সদস্যৰ এই বেণ্ডটোৱে আঠ বছৰৰ ভিতৰতে সমগ্ৰ বিশ্বত সমাদৃত হৈছে । সম্প্ৰতি তেওঁলোকে মাৰ্কিন বেণ্ড ‘ক’ল্ডপ্লে’ৰ বিখ্যাত গীত ‘ফিক্স ইউ’ৰ এটা কভাৰ গীত প্ৰকাশ কৰিছে । এই বিষয়ত চৰ্চা চলিছে বিভিন্ন দেশতে । কিন্তু, জাৰ্মান ৰেডিঅ’ৰ এজন সঞ্চালকৰ জাতি বিদ্বেষমূলক মন্তব্যত ক্ষীপ্ত বিটিএছ অনুৰাগীসকল ।

টুইটাৰ আৰু ৰেডিঅ’ত সঞ্চালক মেথিয়াছে ক’ভিডৰ স’তে তুলনা কৰিছে বিটিএছ সদস্যসকলক । তেওঁৰ দাবী, ‘ক’ল্ডপ্লে’ৰ গীতটি গাই তেওঁলোকে দোষ কৰিছে । টুইটত লিখে, ‘পবিত্ৰ স্থানক কলুষিত কৰিছে তেওঁলোকে । সেই বাবে উত্তৰ কোৰিয়াত ২০ বছৰৰ বাবে নিৰ্বাচনত প্ৰেৰণ কৰা উচিত বিটিএছ-ক । কৰ’না ভাইৰাছৰ দৰে তেওঁলোকৰো প্ৰতিষেধক উলিওৱা উচিত ।’

উক্ত মন্তব্যটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । অনুৰাগীসকলে ইয়াৰ বিৰোধিতা কৰিছে । অস্ত্ৰ তুলিছে ‘আৰ্মি’য়ে ।

বিটিএছ বেণ্ডৰ অনুৰাগীসকলে নিজৰ নাম দিছে ‘আৰ্মি’ । অৰ্থাৎ, ‘এড’ৰেবল ৰিপ্ৰেজেনটেটিভ এমছি ফৰ য়’থ’ । হেছটেগেৰে টুইটাৰত দাবী উত্থাপন কৰা হৈছে, ‘সঞ্চালকসহ ৰেডিঅ’ ষ্টেছন ‘বেয়াৰ্ন থ্ৰি’-য়েও বিটিএছ সদস্যৰ সন্মুখত ক্ষমাপ্ৰাৰ্থী হ’ব লাগিব । জাতি বৈষম্যৰ বিৰুদ্ধে একজোঁট হৈছে ‘আৰ্মি’ ।’

https://twitter.com/hoonsomnia/status/1365113492857004035?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1365113492857004035%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Fgerman-radio-host-called-out-for-racist-comments-against-k-pop-band-bts-fans-demand-apology-dgtl%2Fcid%2F1268462

Exit mobile version