বিবাহপাশত আৱদ্ধ হৈছে সিদ্ধাৰ্থ-শেহনাজ ?

মুখ খুলিলে অভিনেতাই

74669839

সাত পাকত বান্ধ খাইছে সিদ্ধাৰ্থ শোক্লা আৰু শেহনাজ গিল । এনে এক উৰাবাতৰি আৰম্ভ হৈছে অনুৰাগীসকলৰ মাজত । সকলো উৰাবাতৰিয়ে যে সত্য নহয় প্ৰমাণ কৰিলে সিদ্ধাৰ্থ শোক্লাই ।

শেহনাজ আৰু সিদ্ধাৰ্থে বিয়া কৰোৱা নাই । ধেমেলীয়াভাৱে টুইট কৰিছিল ‘বিগ বচ-১৩’ৰ বিজয়ীয়ে । সিদ্ধাৰ্থৰ এজন অনুৰাগীয়ে অভিনেতাক অনুৰোধ কৰিছিল তেওঁৰ টুইটৰ প্ৰত্যোত্তৰ দিবলৈ । তেওঁ লিখে, ‘যেতিয়ালৈ আপুনি মোৰ টুইটৰ উত্তৰ নিদিয়ে বা মোক ফ’ল’বেক নকৰে, মোৰ প্ৰয়সীয়ে কৈছে, মোক বিয়া নকৰাই । আপুনি কি বিচাৰে, মই এইদৰেই অবিবাহিত হৈ থকাটো ? আমাৰ বিয়া হৈ গ’লে, আপোনাৰ বাবেও আমি বিশেষ কিছু কৰিম ।’

অনুৰাগীৰ এই অনুৰোধৰ প্ৰত্যোত্তৰ দিয়াৰ সুযোগতে সকলো উৰাবাতৰিৰ বিষয়ে ক’লে সিদ্ধাৰ্থে । অভিনেতাজনে টুইটত লিখে, ‘ভাই, অবিবাহিতৰ টেগ বহুত ভাল । মই অবিবাহিত হোৱাৰ পাছতো সংবাদ মাধ্যমে মোক বিবাহিত বুলি ঘোষণা কৰি দিছে । তেওঁলোকে হয়তো মোক মোতকেও বেছি চিনি পায় ।’

Exit mobile version