অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছমুহূৰ্তৰ পৰাই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ

ডিফুত মন্দিৰে মন্দিৰে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ভগৱানৰ আশীষ লৈ পাৰ্বত্যভূমিত কংগ্ৰেছ উদ্ধাৰত নামি পৰা দেখা গৈছে।

কংগ্ৰেছৰ ‘অসম বচাও’ অভিযানৰ অংশ হিচাপে কাৰ্বি পাহাৰৰ ডিফুত সুস্মিতা ।

জনতাৰ গ্ৰহণযোগ্যতা থকা প্ৰাৰ্থীয়েহে পাব দলীয় টিকট ।

মিত্ৰজোঁটৰ বাবে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ অসমত চৰকাৰ গঠন হ’ব।

কংগ্ৰেছৰ মহাজোঁটবন্ধনে এইবাৰ ১০১ খন আসন লাভ কৰাৰ দাবী সুস্মিতা দেৱৰ ।

স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰসংগত বিজেপিয়ে বাৰে বাৰে পাহাৰীয়া ৰাইজক আশাহত কৰি আহিছে বুলিও সুস্মিতা দেৱৰ মন্তব্য।

১৭ ফেব্ৰুৱাৰীৰ পৰা বৰাকৰ ১৫ টা সমষ্টিৰ ভোটাৰ ৰাইজৰ মনৰ খবৰ লৈ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে দুদিন ধৰি ডিমা হাছাও জিলা আৰু কাৰ্বি আংলঙৰ ডিফুত বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰাৰ উপৰি এখন দলীয় সভাতো অংশগ্ৰহণ কৰে।

Exit mobile version